মানুহৰ মনতো চিন্তা ভাৱনা বোৰ
ঘুনে যেন ধৰিছে বেৰি ,
মৰম চেনেহ বোৰ স্বাৰ্থৰ
গৰাহত বেয়াকৈ গৈছে পৰি ।
নাই আজি সেই প্ৰকৃত
আন্তৰিকতাৰ মাত ,
অন্ধ সকলোবোৰ যেন
টকাৰ লালসাত । মানুহবোৰৰ মাজত বাঢ়িল
উচ্চ-নীচ ভেদ-ভাৱ,
প্ৰতিটো ক্ষেত্ৰতে চলিছে আজি
মাথোঁ টকাৰেই প্ৰভাৱ ।
সকলোবোৰ সলনি হৈ গ'ল,
মনবোৰ সেইয়ে ভাল নলগা হ'ল ।
নাই কিন্তু সঁচাকৈয়ে সেই
তাঁহানিৰ দিনকাল,
নৱপ্ৰজন্মই আজি নীতি কথা
নাপায় ভাল।
ক'লেও যেন লাগে পয়মাল,
দেখিও নেদেখাৰ ভাও ধৰাই যেন ভাল ।

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ