বিশ্বাসৰ পাৰ ভাঙি
নাযাবা নাবিক হৈ
নৈত ডুব মাৰি।
প্ৰতিশ্ৰুতিক জন্ম দিয়াতকৈ
কলিতেই মৰহি যাবলৈ দিয়া,
অপেক্ষা-আক্ষেপ অপ্ৰিয় জঞ্জাল
অভিযোগৰ সুযোগ উপহাৰ নিদিবা।
সৌন্দৰ্য্যৰ ওৰণিত মিছাকৈ নাম লিখি
অন্তৰীক্ষত আঘাত নাসানিবা,
তোমাৰ প্ৰেমত মই বলিয়া বুলি
অবুজন প্ৰতিশ্ৰুতি নিদিবা।
ভালপোৱা সস্তা নহয়
জীৱনৰ বিশেষ পৃষ্ঠা,
দুৰ্বলতাৰ সুযোগ লৈ
নিমিটাবা নিজ আত্মতৃষ্ণা।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ