হাতৰ মুঠিতেই পায় মনৰ খবৰ।
চোলাৰ জেপত লৈ ফুৰে মানুহে
মানুহৰ ঠিকনা।
আঙুলিৰ সামান্য স্পৰ্শত
প্ৰাণ পাই উঠে হৃদয়।
বিমূৰ্ত কেইবাটামান সংখ্যা
তাতেই লুকাই থাকে ঠিকনা
মানুহৰ ঠিকনা।
বৈধ অথবা অবৈধ
সহজ সুযোগ আনে
সম্পৰ্ক গঢ়াৰ
প্ৰস্তাৱনা।
নামতাৰ ভ্ৰাম্যভাষ ।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ