জীৱন সংগ্ৰাম••বসন্ত ৰবিদাস

Rinku Rajowar
0
ৰুমৰ লাইট অন‌ কৰি বিছনাখনতে বহি আকাশ পাতাল ভাবি থাকোঁতেই হঠাৎ খিৰিকিখনত  চকু পৰিল। । বাৰেৰহণীয়া  পখিলা এজনীয়ে স্বচ্ছ আইনাখনত খুন্দা মাৰি আছে বাহিৰলৈ যাবলৈ পৰা নাই। সন্ধিয়া নামি অহাত বাৰে বাৰে প্ৰচেষ্টা অব্যাহত ৰাখিছে পখিলাজনীয়ে। খিৰিকিৰ লগত লাগি থকা ফটোখনৰ কাষত‌ জোপ্  লৈ থকা জেঠীৰ জিভাৰ পানী পৰিছে পখিলাজনী দেখি।আগ-পিছ অহা-যোৱা কৰি থকা জেঠীৰ আজি ভোজন…। আগন্তক বিপদৰ কথা গম নোপোৱা পখিলাজনীয়ে জীৱনৰ যুঁজত ব্যস্ত, স্বচ্ছতাৰে জিলিকি বাহিৰৰ পৃথিৱীখন দেখা পোৱা আইনাখনৰ লগত।

                হঠাৎ জীৱন যুঁজৰ বহু পাঠ মনত পৰি গ'ল।বিপদ পৰিলে জেঠীৰ দৰে জোপ্ লৈ পিঠিত আঘাত সনা মানুহবোৰৰ মুখবোৰ মানসপটত ভাঁহি থাকিল।


Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)