বগা পৃষ্ঠা- জহিৰুল ইছলাম

©Admin
0
হৃদয়,
হৃদয় কি 
এখনি শূণ্যতাৰ বগা পৃষ্ঠা?

নিশ্চুপ ৰাতিৰ গৰ্ভত,
আঙুলিৰ খোজত চুই চালোঁ তাক—
স্পৰ্শৰ উষ্ণতাত
জাগ্ৰত কোলাহল 
নিৰৱ বিদ্ৰোহ,
আৰ্তনাদৰ ধ্বনিপ্ৰবাহে
মুখৰিত হৈছে হৃদয়ৰ গহ্বৰ,
শীতলতাৰ কোমল হাতেও
নুমাব পৰা নাই এই অগ্নিস্ফুলিঙ্গ।

"এখন আকাশ"
শিৰাৰ অতলত প্ৰবাহিত অভিমানৰ তীব্ৰ বিষ,
হেৰুৱা স্মৃতিৰ ভগ্ন প্ৰতিধ্বনি,
নীৰৱতাৰ কি এক কঠিন শৃংখল।

নিদ্ৰাহীন চকুৰ শেঁতা পৰা চাৱনি
চাৱনিত
আশাৰ সেউজীয়া ৰেঙনি,
প্ৰতিচ্ছবিত দৃশ্যমান 
বিষণ্ণতাৰ এক ধূসৰ ৰেখাংকণ

আজি 
নিঃসঙ্গতাৰ নিঃশব্দ প্ৰহৰ 
প্ৰশ্নৰ আৱৰ্তত "এখন হৃদয়"

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)