পদূলিমুখত পৰি ৰোৱা ধুনীয়া ফুলবোৰ কি?
গোলাপী ৰঙেৰে ইমান ধুনীয়াকৈ ফুলি ৰয় ফুলবোৰ।
সেয়াই নেকি ব'গেনভেলিয়া...
যি তোমাৰ অবিহনে আধৰুৱা।
এই চহৰৰ প্ৰতিটো কোণতে ফুলি আছে ব'গেনভেলিয়া,
এই ফুলেও দিয়ে নেকি প্ৰেমৰ বতৰা।
চহৰখনক ৰঙিন সৌন্দর্যৰে কৰি তুলিছে উন্মনা ।
এয়াই নেকি ব'গেনভেলিয়া...
তুমি মই এদিন দুয়ো এক হম,
সাজিম এটি ঘৰ,
পাতিম এখন ফুলনি,
তাত বহু ফুল ৰুম
আৰু পদূলিমুখত ৰুম এজোপা ব'গেনভেলিয়া
যি ফুলি ৰ'ব আমাৰ ভালপোৱাৰ সাক্ষী হৈ
চিৰদিন, চিৰযুগান্তৰলৈ...

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ