ছুটি চিত্ৰায়ন -ৰাতুল চেতিয়া ফুকন

©Admin
0
এতিয়া পাহাৰ বোৰ টকলা
নদীয়ে নিৰ্লজ ভাবে প্ৰকট কৰে
সিহঁতৰ ভাঁজ বোৰ ।
সংস্কাৰৰ মথাউৰি খহে
ইন্ধন যোগাই প্ৰযুক্তিৰ উপহাৰে ।
বাটে পথে আনকি ৰান্ধনী ঘৰতো চলে
অশালীন আনন্দৰ চিত্ৰায়ন ।
ওখ পৰ্বত হিমালয়
কোনেও একো নকয়
মাথোঁ জুমি জুমি চাই ।
টকলা পাহাৰ আৰু
নদীৰ একা বেঁকা ভাজ ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)