মোৰ উদ্দেশ্য বিশুদ্ধ আছিল
কিন্তু মনে মনে থাকিবলৈ সহ্য কৰিব নোৱাৰি
মাথোঁ শুনিব পাৰি নিজৰ মাত ,
নিজৰ হৃদয়ৰ
আলিয়ে গলিয়ে
তোমাৰ মাজৰে
মই মোক প্ৰেৰণা যোগাও,
নিজৰ মনক আত্মাক
আৰু এতিয়া ,
মই মাত্ৰ পিছুৱাই যাবহে পাৰিম
ইমানেই অসুস্থ মই ।
এনে লাগিছে মাত্ৰ সকলোবোৰ প্ৰেম
ঢালি দিম ক'ৰবাত ,
আৰু সকাহ ল'ম
এটা শান্তিৰ এঙামুৰিৰে জীৰাম ক'ৰবাত ।
মই জানো মই যদিও কওঁ
তুমি তোমাৰ আত্মাত
গভীৰ দাগ নোহোৱাকৈ উভতি নাহা
শুনাছোন , খেল খেলি
বেমাৰ হোৱা নাই নেকি?
দোষ দি অসুস্থ হোৱা নাই নেকি? তুমি?
হয়তো পৃথিৱীয়ে কেতিয়াও
জীৱন নিৰ্ধাৰণ কৰি দি নিদিয়াৰ বাবেই ,
জীয়াই থকাত অসুস্থতা নাই তোমাৰ ।
এতিয়া মই একো সংজ্ঞা দিবও নোৱাৰো ।
আৰু তোমাৰ বাবে একো অনুভৱ নকৰোও ,
তোমাৰ বাবে মোৰ একো অনুভৱ নহয়ও ।
মাথোন অনুভৱ কৰো
বহুত দেৰি হৈছে,
মোৰ একো অনুভৱ নাই
মোৰ মন ছিন্ন ভিন্ন হৈ পৰিছে,
ঘৃণা কৰো কিন্তু
আগতে যিবোৰ অনুভৱ কৰিছিলো
এতিয়া অনুভৱ কৰিবলৈ
হাহাকাৰ কৰি আছো ।
আকৌ,
তুমি যেতিয়া মোৰ ফালে
আগবাঢ়ি আহা নিপুণ সন্ধিয়া
মই ভাবাত লাগো
মই কি কওঁ?
মই কি কৰিম?
তুমি দয়া কৰি কেৱল
দূৰতে থাকিব পাৰিবনে?
মনতোক বুজাবও নোৱাৰো
তোমাক লগপোৱাৰ আশাৰে বুজাই
সন্ধিয়াতো আজি এনেকৈয়ে
যাওঁক দিয়া ,
কিমাননো আৰু নিৰৱে কথকতাৰ
মেহফিল সজাবা ?
নালাগে দিয়া, আজি সন্ধিয়া মোৰ হৃদয়ৰ সৈতে
কোঠালীয়ে, কোঠালীয়ে,
তোমাৰ নামত লিখা কবিতাৰ আঙঠাবোৰক
বুকুৰ কোহত জ্বলাই জ্বলাই
উৰুৱাই দিয়ক এটা লজ্জাকাৰ ধ্বজ্জা ,
বাস্তৱত,
তোমাৰ বাবে মোৰ একো অনুভৱ নহয়
বহুত দেৰি হৈছে,
এইটোয়ে মই ভাবি থৈছো
আৰু স্পষ্ট হৈ পৰিছে ।
মোৰ একো অনুভৱ নাই এতিয়া
আৰু তুমি জানায়ে যে
মই সকলো চিনি পাওঁ
জানি থোৱা, ধৰা !
এইটোয়ে বাস্তৱ,
এইটোয়ে সত্য,
তোমাৰ বাবে মোৰ একো অনুভৱ নহয়
কিন্তু অনুভৱ কৰো বহুত দেৰি হৈছে,
বহুত দেৰি হৈছে!

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ