শূণ্যতাৰ বুকুু••অৰ্ণৱ কটকী

@admin
0
শূণ্যতাৰ বুকুত নগলে আৰু দুচকু 
নিৰ্জন নিশাৰ ফেঁচাৰ কুৰুলিত 
ঘড়ী কাটাৰ চিঞৰত পলাই ফুৰা মনটোক লৈ 
ভালে আছোঁ মই, শিৰোগত হৈ যন্ত্ৰণাৰ একাঠু বোকাত।।
চকু পানীৰে ধুই নিয়া শিতানৰ গাৰুটোক মোৰ সুধিবা 
কিমান দিনলৈ উমলি আছিলা স্মৃতি সৈতে তুমি ।
স্বপ্ন বিলাক আজি যে দুঃস্বপ্ন  দুখৰ ৰাতিৰৰো দেখোন দীঘলীয়া বাট 
তোমাৰ অপেক্ষাত ৰৈ আছোঁ আজিও,
 তুমি এৰি যোৱা সেই মৰা সুঁতিৰ কাষতেই। 
কিজানি আকৌ জী উঠে তোমাৰ পৰশত মোৰ মনৰ মৰা সুঁতিৰ স্থবিৰ গতি 
অপেক্ষা এদিন আহিবা তুমি বগা এখনি কাপোৰ লৈ , ঢাকিবলৈ মোৰ পুৰণা সজীৱ স্মৃতি।।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)