নতুন বছৰ ••হিমাদ্ৰী শইকীয়া

@admin
0
আকৌ আহিল নতুন বছৰ
নতুনত্বক আকোৱালি ল'বলৈ 
আমি সদায়েই প্রস্তুত,
ন ন সপোন ৰচি
ন ন প্রতিশ্রুতিৰে
ন ন আশা ৰচোঁ বহুত হেপাঁহেৰে।
সলনি হয় বেৰত আঁৰি থোৱা
কেলেণ্ডাৰখন…
বহু ঘাত-প্রতিঘাত
আশা-প্রত্যাশা
সুখ-দুখৰ মাজেৰে
পাৰ হয় বছৰবোৰ।
কিন্তু সলনি হয় সময়বোৰ…
শেষ হৈ জানো আমাৰ
মনৰ কল্পনাবোৰ?
দিন বাগৰি বছৰ যায় 
আমিও আগবাঢ়িব লাগে 
এক নতুন যাত্রাত।
বেয়াবোৰ আঁতৰাই
ভালবোৰ আঁকোৱালি লৈ 
আকৌ আহিল নতুন বছৰ,
হৈ পৰক সকলোৰে সুন্দৰ যাত্রা
নৱবর্ষক আদৰি লোৱা,
অনাগত দিনবোৰ
সকলোৰে সুখৰ হওঁক।।

    ‌ ‌

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)