চাকনৈয়াৰ মাজত পৰম্পৰা••স্বাগত প্ৰাণ দত্ত

@admin
0
ঢোলৰ চেও,
মাটিৰ কম্পন,
বিহুৰ মধুৰ স্মৃতি,
হৃদয়ৰ স্পন্দন।
গাভৰুৰ খোপাত কপৌৰ গোন্ধ,
সংস্কৃতিৰ অপাৰ সংযোজন।

কিন্তু এতিয়া...
ঢোলৰ সুৰ সলনি হৈছে লাউডস্পীকাৰৰ গর্জনত,
দুনয়ন হেৰাই গ'ল বিহুৰ এই নাঙঠ দৰ্শনত।

ইনষ্টা, হোৱাটছ্এপত আজিৰ বিহু,
ডিজিটেল স্ক্ৰীনত বন্দী এতিয়া বিহু,
পৰম্পৰাৰ ঢৌবোৰ ইন্টাৰনেটৰ চাকনৈয়াত গৈছে হেৰাই,
ষ্টেটাছে ষ্টেটাছে কেৱল বিহুগীতৰ ধ্বনি।
আকৌ, ডেকা গাভৰুৰ আটাইতকৈ প্ৰিয় হেনো "বিহু ছেলফি"।
ঢোল-পেপাঁৰ শব্দত নচাৰ নাই আহৰি,
"ট্ৰেণ্ডিং ৰীল"তহে বিহুৰ আখৰা !
নটিফিকেচনৰ টিং টিঙত নাচনীৰ নাচৰ ভংগীমা !
বিহুৰ ওলগনি হেনো "হেপ্পী বিহু" 
এটা মেছেজ, এটা ইম'জি, এটা "ফৰৱাৰ্দেদ" অনুভৱ !


তথাপি...
বিহুক আঁতৰাই ঠেক গণ্ডীত সুমুৱালেও,
এদিন এবাৰ ঠিকেই বাজি উঠিব ঢোল
আশাৰ ৰেঙণি লৈ,
আই অসমীৰ নামত ভৰিব হৃদয়,
সংস্কাৰ আৰু স্মৃতিৰ মাজতে সজীৱ হ’ব পৰম্পৰা।
ডিজিটেল জগতৰ মাজতো মৰমৰ বিহুত
নাচিম আমি 
ঢোলৰে তালেৰে,
প্ৰাণেৰে, প্ৰেমেৰে...!


Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)