হাতে ঢুকি পোৱা সাগৰ তলি -কামনা বৰুৱা কলিতা

©Admin
0
মান অভিমানে
ওফন্দি থকা নদীৰ বুকুত 
এতিয়া তৰ্জন - গৰ্জন
থিতাপি নাই,
বাধা ভাঙি
বৈ যায় যেনি তেনি
হাতে ঢুকি পোৱা সাগৰ তলি...!

প্ৰদূষণ.. প্ৰদূষণ..
মোৰ আইৰ বুকুৱে সহিব নোৱাৰা..
পৃথিৱীৰ 
প্ৰতিটো কোণাই কোণাই
প্লাষ্টিক প্ৰদূষণ 
মানৱ শৰীৰো নাই পৰা বাদ..
তথাপি ভগা নাই ঘূমটি
অহা নাই চেতন...!

নদীৰ পাৰতে
গঢ় লোৱা সভ্যতা এতিয়া 
জাহ যাব নেকি
নদীৰ বুকুতে...
সপোন ..
ভাঙি ভাঙি 
পাৰ খহি খহি..?

সুৰক্ষা দিবলৈ 
ওখ 
ওখ
গছবোৰ 
থকা নাই যে থিয় হৈ 
মাটি খামুচি ধৰিবলৈ ...!

কাক লৈ 
পৃথিৱী সেউজীয়া হ'ব 
কি লৈ সুন্দৰ হ'ব মন
নাথাকিলে অম্লজান
জীৱকুলৰ হ'ব অৱসান 
নাথাকিব জীৱন..!

তথাপিও ...
ক্ষমতাই ঢুকি পোৱা নাই,
ভগা নাই ঘূমটি 
অহা নাই চেতন
হেৰুৱাব যে 
লাগিব অমূল্য জীৱন.!!

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)