গোলাপ পৰশত মোৰ
তৰিৎ প্ৰবাহিত হয় বুকুৰ পৰা মুৰলৈ
মুৰৰ পৰা ভৰিলৈ ।
উদাৰতাৰে উপহাৰ দিলা
বৰফ শুভ্ৰ আচ্ছাদনেৰে আবৃত
নিতুল পাহাৰৰ চূড়া ।
শিৱ হৈ শিষৰত ধ্যানত বহিলো
উত্তেজনাত খৰশ্ৰুতা
অন্তৰীপ মুখি পাতালিগঙ্গা ।
কম্পিত পৃথিৱীৰ বদ্বীপৰ পৰা কাঞ্চনজঙ্ঘালৈ
দুৰত্ব জুখি জুখি ভাগৰুৱা ওঁঠ ।
ৰজনীগন্ধা চকুলো বোৱাই
ফুলশয্যাত আঁকিদিলা
অসূয্যষ্পৰ্শা কুমাৰীত্বৰ ছবি ।
সুখী নে তুমি
তুমি সুখীনে ?
তোমাৰ খৰিকাজাই আঙুলিৰ
অনামিকাত জিলিকি উঠিল
মোৰ মুখৰ চিন ।

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ