গছে অনুনয়ৰ সুৰত ক'লে
মই তোমাৰ স'তে থাকিব খোজো
জন্মজন্মান্তৰে
কাৰণ তুমি আমি পৰস্পৰে পৰিপূৰক
তোমাৰ উশাহত মই নিশাহত সপোন সৰে
তোমাৰে মোৰে অভিন্ন হৃদয়
তুমি মোৰ বাবে সিঁচি দিবা কিছু আদৰ, মৰম
মোৰ সৰু বৰ সন্তানে তোমাক চেনেহে বান্ধিব
সেউজীয়া বিৰিখ হৈ ছাঁ দি তোমাকে সাহসী কৰিব
চোৱাচোন ৰঙৰ সমাহাৰে
কোনোৱে পিন্ধিছে ৰঙা, কোনোৱে
গোলাপী বৰণ ধৰি প্ৰেম প্ৰেম বিলাইছে
লাস্যময়ী লাজুকীয়ে পেখম জুৰিছে
এজাৰৰো মনত নাই দুখৰ চিহ্ন
ধৰিত্ৰীৰ বুকুত বহুৰূপী ৰং ছটিয়াই হালধীয়াইও হাঁহিছে
কবিয়ে কবিতাত ৰচিছে বৰণীয়া উপমা
বন-উপবনৰ নৈসর্গিক শোভা
কোনোবা গায়কে সুৰত তুলিছে
মোৰেই মহিমা
আহ্ কি অপূৰ্ব খেলা!
আপোন পাহৰা কোননো নহ'ব
সেয়ে কও মোৰ ধ্বংসৰ যজ্ঞত
তুমি ৰাৱণ নহ'বা
ভাবাচোন মই নাথাকিলে কেনেকৈ ৰব প্ৰকৃতিৰ ভাৰসাম্যতা,
কেনেকৈ হ'ব প্ৰদূষণ মুক্ত নিৰ্মল পৃথিৱী
তুমি ন'হবানে আশ্ৰয়হীন
তোমাৰ অকণমান সাহচৰ্যত
মই ফুল হৈ ফুলিম
লতা হৈ বগাম
জুৰ মলয়া হৈ বা দি শীতল কৰিম
সৰ্বত্ৰকে।

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ