তুমি মোক এৰি গৈছিলা
নেদেখা বাটৰ বুকুয়েদি,
আজি আকৌ হাঁহিছে
অতদিনে মৌন হৈ থকা এজাৰ।
এজাৰে হাঁহিছে যদিও
মই চোন পৰা নাই হাঁহিব ,
এজাৰ ফুলাৰ বতৰত
বহুত বেজাৰ মোৰ মনত
তোমাৰ স্মৃতি ভাহি আহিছে
তাহানিতে হেৰুৱা বাট বিচাৰি
অভিমানী হৃদয়ে উচুপি উঠিছে।
সেমেকা পুৱাটি তোমাৰ পৰশত
এজাৰ ফুলাৰ বতৰতে
জীপাল হৈ উঠিছিল ,
সপোনবোৰে পাহি মেলিছিল
সমীৰৰ সান্নিধ্যত নাচিছিল এজাৰ
অভিমানী বৰষুণজাকে
বৰকৈ অভিমান কৰিছিল
সেই চেগতে এজাৰ সৰিছিল ।
কিন্তু এতিয়া তুমি আৰু নাই
প্ৰেমৰ আবিৰ সানিবলৈ,
তুমি কেতিয়াও ঘূৰি নাহা
হেৰুৱা বাটৰ বুকুৱেদি
এতিয়াযে মই তোমাৰ
প্ৰিয়তমা নহয় ।
এজাৰ ফুলিলেও বেজাৰ নকৰিবলৈ
কাহানিও নোকোৱাহি তুমি
হেৰুৱা বাটৰ বুকুৱেদি আহি ,
আজি তোমাৰ আৰু মোৰ প্ৰণয়
ক্ষন্তেকতে মূল্যহীন হৈ গ'ল
এজাৰ ফুলৰ দৰেই হৈ ৰল।
এটা সময়ত তুমিয়েই সমাজৰ আগত
ৰৌজাল বৌজাল কৰি ফুৰিছিলা
পৰিচয়বিহীন আমাৰ প্ৰেমৰ কথা,
কিন্তু এটা সময়ত দেখোন
আমাৰ প্ৰেম ৰূপান্তৰ হ'ল বিষাদত
সেই প্ৰেম সমাধিস্থ কৰা হ'ল
মোৰ অনুমতি অবিহনে
সেয়ে হয়তো আজিও
নিলাজৰ দৰে অপেক্ষাত আছোঁ
হেৰুৱা বাটৰ বুকুৱেদি আহি
মৌন ওঁঠত হাঁহি গুজি দিবাহি কিজানি
এজাৰ ফুলাৰ বতৰতে পুনৰ
আহিবওতো পাৰা হেৰুৱা বাটৰ বুকুৱেদি।

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ