চিনাকি সপোন••দিপশিখা ৰাজকোঁৱৰ

@admin
0
অস্থিৰ হৈ পৰা আৱেগৰ বাবেই
অভিমানী হৃদয়ৰ শব্দবোৰ 
জঠৰ হৈ চকুৰ সন্মুখত থিয় দিছে 
চিনাকি বাটৰ বুকুৱেদি আহি।
সেমেকি উঠে লক্ষ্যহীন দুচকু 
অৰ্থহীন হৈ পৰে মনৰ আৱেগ ,
অনুভৱৰ পাহি পলকতে মৰহে 
সপোন সুঁৱৰি আৱেগিক হৈ পৰে 
বিষাদে হঠাৎ আহি সাৱটি ধৰে।
মোৰ হৃদয় আজি আঘাতপ্ৰাপ্ত 
হৃদয়ত তীব্ৰ একুৰা জুই জ্বলিছে 
বিদ্ৰোহৰ নে বিষাদৰ মই নাজানো 
 গভীৰ নিশাত প্ৰায়ে ভাবোঁ 
দূৰ হৈ যোৱা সপোন দেখোন 
এটা সময়ত মোৰ আপোন আছিল 
বিচাৰিছিলো সেই সপোন প্ৰতি ক্ষণতে
তেন্তে কিয় আজি মই দিশহাৰা হলো ?
দিক বিদিক হেৰুৱাই পেলালো ?
মই বাৰু ভাগি পৰিছো নেকি?
অভিমানী হৃদয়ৰ বিষাদৰ উচুপনি 
কিয় কোনেও নুশুনে এবাৰো 
কিয় কোনেও নুবুজে কিমানযে 
সেই সপোন বিচাৰোঁ নিজৰ কৰি ,
চকুলো নোহোৱা হ'ব এদিন 
অভিনয়ৰ হাঁহি মৌন ওঁঠত জিলিকিব 
কিন্তু থাকি যাব সেই সপোনৰ স্মৃতি 
যি সপোন মোৰ আছিল ।
উমহো মই হাৰি যাব নোৱাৰোঁ 
কোনেও নুবুজিলেও মই নিজক 
ভালকৈ জানো আৰু বুজো 
মই জানো মোৰ কথা 
মই পাৰিম, মই কৰিম 
সফল নোহোৱালৈকে যুঁজিম 
এই যুঁজত জিকিম মই 
যেনেকৈ মোৰ অনুভৱবোৰে
শিৰোনাম সজাও 
ঠিক তেনেকৈ মোৰ সপোনৰ ৰঙেৰে 
জীৱন সজাম ৰামধেনুৰ দৰে।
নিঃস্তব্ধ সময়ৰ ভাবুক সময়বোৰে 
এতিয়া বহু কথাই শিকাইছে মোক 
হয় , মই যুঁজিব লাগিব 
অন্তত নিজৰ বাবে যুঁজিব লাগিব মই
সেই সপোন মোৰ চিনাকি 
অচিনাকী হ'ব দিব নোৱাৰি 
মই যুঁজিম , মই জিকিম
সেই সপোন মোৰ চিনাকি।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)