এদিন পৃথিৱীৰ পিঞ্জৰাত সৃষ্টি কৰিছে,
পিতৃয়ে এই ছোৱালীজনীক কোলাত লৈ
জগত জিনিবলৈ ‘শিল্পী’ নামাকৰণেৰে পৰিচয় দিছে।
ইতিহাসত লিপিৱদ্ধ তালিকাত
২০০৩ চনৰ ১২ জুন প্ৰকৃতিৰ বুকুত স্থান দিছিলে,
জীৱন চক্ৰত পিতৃ-মাতৃৰ মৰম-চেনেহত
শব্দৰ পৰা এটা বাক্যত আকাৰ ল'লে।
সপোনৰ তৃষ্ণা মিটাবলৈ কিমান যে হাবিয়াস
এটা এটাকৈ ৰাজঘৰ গঢ়িলে,
হঠাতে উশাহ স্তব্ধ কৰি আইয়ে
শ্মশান ঘাটত নিজকে জ্বলালে।
সেইদিনাৰে পৰা ঘঁহি ঘঁহি
সপোনবোৰ ঠুনুকা হ'বলৈ ধৰিলে,
আপোন-পৰৰ হিচাপ
মানৱে চলন্ত বাটত বুজাই দিলে।
যোগ-বিয়োগ পূৰণ-হৰণ কৰি
সিদ্ধান্তৰ অংক কৰিলোঁ,
ৰাজঘৰৰ পৰা মুছি দিলোঁ ৰঙৰ প্ৰলেপ
অন্তৰাত্মাক আনৰ বাবে ব্ৰতী হ'বলৈ শিকালোঁ।
হৃদয়ত তীব্ৰ বিষাদীয় আৱৰণ
শব্দৰে কৰিলোঁ অস্বীকাৰ,
আনৰ জীৱন ৰঙীন কৰিবলৈ চেষ্টা কৰিলেও
বাস্তৱে পাৰত বহি জনালে ধিক্কাৰ।
বাইশ বছৰৰ অভিজ্ঞতাৰে
বিশ্বাসৰ অস্তিত্ব শুকাই গৈছে,
আনৰ মুখত হাঁহি ফুটাবলৈ গৈ
কলিটোৱেই মোৰ পৰশত আধমৰা হৈ পৰিছে।
অবুজন মগজু মাজৰাতি ডাৱৰ ফালি
আজি শূন্যৰ পৰা তেইশত ভৰি দিলে,
তাইজনী কাৰো উপকাৰী বন্ধু নহয়
জানিও বাৰংবাৰ চেষ্টা নেৰিলে।
বিশেষ দিনটোও যেন দুৰ্ভিক্ষৰ বজাৰত
ভাবিলেই চকুলো নিগৰে,
দুখৰ বৰ্ণনা দিয়াৰ তিক্ত অভ্যাস
আজি অভিনয়ৰ মঞ্চত সৰ্বসুখী পৰিচয়েৰে।
ওপজা দিন বুলি ৰচিলোঁ কবিতা
পাঠক কোন হ'ব চিয়াঁহীয়ে প্ৰশ্ন কৰে,
সেইদিনা মোৰ জন্ম হৈছিল
জীৱনটো সাজিলে সুখ-দুখেৰে।
সুস্থ শব্দবোৰে আজি ক'ব বিচাৰোঁ
জন্ম দিনৰ জ্বলন্ত মমডালক সাক্ষী ৰাখি,
মুক্তি বিচাৰিছোঁ উদ্দেশ্যবিহীন যাত্ৰাৰ পৰা
মটীয়া বালিত কৰযোৰে ক্ষমা মাগি।
ওপজা দিনত এয়াই আশীৰ্বাদ কৰক
কাৰোবাৰ চকুলোৰ উদাহৰণ মই নহওঁ যাতে,
মোৰ জীৱনৰ প্ৰতিটো কাহিনী
লিখা আছে বকুলৰ পাতে পাতে।

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ