পৃথিৱীৰ অসুখ••নাছিৰ আহমেদ

@admin
0
যোৱা কেইবাদিনৰ পৰাই
পৃথিৱীৰ খুব অসুখ ;
সৰ্ব্ব শৰীৰত প্ৰচণ্ড উত্তাপ ;
42 ডিগ্ৰী চেলচিয়াছৰ ঘৰ স্পৰ্শ কৰিলেই ।
দুৰাৰোগ্য ব্যাধিত আক্ৰান্ত হৈ যৌৱন-প্ৰাপ্ত পৃথিৱীৰ দেহ ভাঙি-চিঙি তচনচ হৈ গৈছে ;
এতিয়া অৱশিষ্ট আছে মাথোঁ অস্থিসাৰ অৱয়ব !

যোৱা বছৰেও পৃথিৱী ঋতুমতী আছিল 
দেহৰ সিৰা-উপ-সিৰাৱেদি প্ৰৱাহিত হৈছিল
স্ৰোতস্বিনী,চিৰ প্ৰৱাহিনী গঙ্গা-যমুনা আৰু লুইত,
বিশাল বুকুত গজি উঠিছিল সেউজ পৰ্বতমালা,
চৰাই-চিৰিকটিৰ সাঙ্গীতিক মূৰ্চ্ছনাত পৃথিৱী ৰজনজনাই গৈছিল ;
ডেকা-গাভৰুৰ প্ৰাণত যৌৱন উথলি উঠিছিল !

এতিয়া , সকলো সপোন সপোন লাগে।
পৃথিৱীয়ে হেৰুৱাইছে ৰূপ-ৰং-ৰস আৰু সৌন্দৰ্য্য 
একেবাৰে হৈ পৰিছে নিঃস্ব,সৰ্ব্বস্বান্ত !

হয়তো যি কোনো মুহূৰ্ততে পৃথিৱী
কবৰৰ এন্ধাৰ গহ্বৰত বা
শ্মশানৰ চিতাত উঠি চিৰদিনৰ বাবে হেৰাই যাব !
পৃথিৱীৰ যে খুবেই অসুখ !!

যোৱা বছৰো পৃথিৱী ঋতুমতী আছিল!!

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)