এই শতিকাৰ জটিল প্ৰশ্ন••অনন্ত কুমাৰ ভূঞা

@admin
0
এই শতিকাৰ
জটিল বিষয়ৰ প্ৰশ্ন কঠিন
ন্যায়পালিকাই যুঁ‌জিব ন্যায়ৰ বাবে 
সামাধান সূত্ৰৰ নিৰ্ভুল উত্তৰ ওলাব !
ৰাষ্ট্ৰ নেতাই দিব 
বিলাসী শব্দৰ ভাষণ
সম্ভ্ৰান্ত সকল প্ৰৰোচিত হ'ব
হাত চাপৰিৰে আদৰণি জনাব,
বিভ্ৰান্তিত অনুশোচনা ঘটিব।
বন্দুক ভুলকৈ ফুটিলে জটিল হ'ব 
মানৱতা যুদ্ধৰ
হিতোপদেশ জ্বৰত কঁ‌পিব ,
এহাতে কৰমৰ্দন 
অন্য সুৰুঙাৰে মিছাইল বৰিষণ ।
বিধ্বংসী যুদ্ধৰ ভষ্মীভূত অৱশেষ
সাক্ষী হ'ব ভয়াৱহতাৰ ,
নিদাৰুণ অত্যাচাৰে ঘেৰি ধৰিব ,
অভিশপ্ত কোলাহলত 
মানৱতা লেইলেই-ছেইছেই হৈ পৰিব ।
যুদ্ধৰ স্ফুলিংগ উফৰিব
নেপথ্যত নিৰীহজনে প্ৰাণ হেৰুৱাব ,
আশ্ৰয়হীনৰ আৰ্তনাদত কঁ‌পিব  
ৰাষ্ট্ৰনেতা জগৰীয়া হ'ব ন্যায় বিচাৰত।
দেই পুৰি যোৱা গোন্ধ 
পৰাক্ৰম বিক্ৰম হৈ নাথাকিব ,
মানৱতাৰ অপমৃত্যু ঘটিব
আণৱিক শক্তিৰে বলীয়ান হ'ব ৰাষ্ট্ৰবোৰ,
এই শতিকাত 
যুদ্ধাস্ত্ৰ সন্ধান চলিব গৱেষণাগাৰত
নতুন কৌশলৰ প্ৰয়োগ ঘটিব ।
মহাশূন্য অধিকাৰ কৰিব
আণৱিক অস্ত্ৰৰ কুচকাৱাজ চলিব
অন্য গ্ৰহৰ উপৰিভাগত
চুপাৰচনিক অস্ত্ৰৰ কুচকাৱাজ চলিব, 
সংযমহীন উখল-মাখলত
হিতাহিত জ্ঞান শূণ্য হ'ব ।
উন্মুক্ত হৈ ৰ'ব ৰাষ্ট্ৰপ্ৰধানৰ সিদ্ধান্ত 
আইনৰ শাসন বৰ্জিত হলে গৰ্হিত হ'ব প্ৰশাসন
এই শতিকাৰ প্ৰশ্নবোৰ জটিল 
কোনে দিব ইয়াৰ শুদ্ধ উত্তৰ ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)