তুমি এজাক বৰষুণ,
সপোনৰ তৰা বুটলা তুমি এজাক বৰষুণ,
নিশাৰ গভীৰতাক আৰু অলপ গভীৰ কৰা তুমি এজাক বৰষুণ.......
তুমি মোৰ এজাক অন্তহীন অনুভৱ,
শব্দৰে লিখিব নোৱাৰা শব্দৰে ক'ব নোৱাৰা এজাক অনুভূতি,
মোৰ হৃদয়ৰ মৰুভূমিখন জীপাল কৰা এজাক বৰষুণ।
নাজানো মোৰ শব্দৰ গভীৰতা কিমান ?
নাজানো অনুভৱৰ স্থিৰতা কিমান ??
কিন্তু এটা কথা জানো,
মোৰ অনুভৱৰ চোতাল খনত
তুমি ভালপোৱাৰ ডলিচা পাৰিলা.....
কাৰণ তুমি এজাক বৰষুণ।

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ