তুমি হলা অতি বিতোপন
দেউতা ৷
যাৰ হাতত হাত থৈ
সাহসেৰে পাৰ কৰিব পাৰো
জীৱনৰ সকলো দেউনা ৷
তুমি আছা বাবেই গৌৰৱেৰে
কব পাৰো মই পূর্ণতা ৷
সমাজৰ আগত চিনাকী
দিব পাৰো তুমি মোৰ
দেউতা ৷
প্রচুৰ শীতৰ প্ৰকোপ নামানি
প্রখৰ ৰদক হেও নকৰি
হৈ পৰা মোৰ অন্নদাতা ৷
সকলো সুখ দুখৰ আশাৰ
সান্তনাৰ ভৰষা
প্রকৃতিৰ অনুপম সৃষ্টি
তুমি মোৰ দেউতা ৷
পৃথিৱীৰ প্ৰতি জন দেউতালৈ আজি পিতৃ দিৱসৰ আন্তৰিক শুভেচ্ছা জনালোঁ। কুশলে থাকক প্ৰতি জন দেউতা

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ