দেউতা•• দিপশিখা ৰাজকোঁৱৰ

©Admin
0
পিতৃ দিৱস বুলি
 এটা বিশেষ দিনৰ
প্ৰয়োজন নাই দেউতা
তোমাক মনত পেলাবলৈ ,
তুমি মোৰ অভিমানী হৃদয়ৰ
নিভৃত কোণত জীয়াই আছা।
তোমাৰ মৰম নাপালোঁ 
মৰম বুজিব লওঁতেই তুমি
দূৰণিৰ দেশলৈ গুছি গলা 
কেতিয়াও উভতি নহাকৈ।
তোমাৰ মৰম নাপালেও 
তোমাৰ প্ৰতি শ্ৰদ্ধা, ভক্তি 
আৰু শুশ্ৰূষা কৰাত কেতিয়াও 
 কৃপণালি কৰা নাছিলোঁ দেউতা
এতিয়াও মনত আছে উজাগৰী নিশা 
তোমাৰ ৰোগত কেনেদৰে 
নিশাবোৰ পাৰ কৰিছিলোঁ 
কণমানি হাত দুখনেৰে 
কেনেকৈ তোমাৰ দুভৰিত 
মৰম বুলাই টোপনি গৈছিলো।
ইমান বছৰে তোমাৰ অবিহনে 
জীৱনৰ প্ৰতিটো খোজতে 
কিমান যে উজুটি খাইছো 
তাৰ হিচাপ নাই দেউতা,
আজিৰ সমাজখন বুজিবলৈ 
সমাজৰ মানুহখিনিৰ মন বুজিবলৈ
বৰ জটিল অ দেউতা 
দেখাতকৈ সমাজখন বৰ বেলেগ।
তোমাক কাষত পোৱা দিনতকৈ 
তুমি লগত নথকা দিনেই 
আজি বহুত বেছি হ'ল দেউতা ,
বাৰীৰ এচুকৰ শুকান মৰিশালীটো 
নিতৌ দেখো,তোমাক ভাবোঁ ।
এতিয়া তুমি যে কাষত নাই 
কাকনো দেউতা বুলি মাতিম 
কাক সুখ -দুখৰ কথা কম 
ছোৱালীবোৰ হেনো দেউতাকৰ 
বৰ মৰমৰ আৰু সপোন পৰী ,
মোৰো মন যায় দেউতা ... 
মন গৈছিল দেউতা মৰম পাবলৈ 
কিন্তু নাপালোঁ কেতিয়াও 
বৰ দুৰ্ভগীয়া অ দেউতা।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)