ৰাম আৰু ৰহিম এদিন সন্ধিয়া বজাৰলৈ গৈ আছিল, সেইদিনা বৰ গৰম পৰিছিল। ৰামে ৰহিমক ক'লে —
: ৰহিম, ইমান গৰম পৰিছে যে জীয়াই থকাটো বৰ কঠিন যেন লাগিছে।
: হয়
: ৰহিম, কি কৰিলে এই গৰমৰ পৰা মুক্তি পাব পাৰি ?
: নিশ্চয় মুক্তি পাব পাৰি ৰাম, কিন্তু তাৰ কাৰণে প্ৰথমত গছক ভালপাব লাগিব। তই পাৰিবি জানো গছক জীয়াই ৰাখিব?
: মই ইমান দিন গছৰ মূল্য বুজা নাই কিন্তু সময়ৰ পৰিহাসত বুজিলোঁ যে গছ কিমান উপযোগী, মই আজিৰ পৰা সকলো গছক ভালপাই নিজ চেষ্টাৰে জীয়াই ৰাখিবলৈ চেষ্টা কৰিম যেনেকৈ মই মোৰ সন্তানক লালন-পালন কৰি ডাঙৰ-দীঘল কৰিছোঁ।
: হয়, আজিৰ পৰা প্ৰতিটো গছ আমাৰ প্ৰতিজনৰ নিজ সন্তান।

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ