হে কলাগুৰু••শিল্পী দাস

@admin
0
হে কলাগুৰু...
বিপ্লৱী শিল্পী অমৰ চিৰ যুগমীয়া, 
গীতিকাৰ নটৰাজ সাহিত্যিক অভিনেতা 
অপাৰ তোমাৰ সৃষ্টিৰ মহিমা।

গীতৰ জাগ্ৰত সুৰৰ সুগন্ধি 
বিয়পিছে আত্মাৰ অন্তৰে অন্তৰে,
অগণন পুষ্প চৰণে নমঃ
হিয়াৰ শ্ৰদ্ধা মনে-প্ৰাণে।

ইতিহাস বুৰঞ্জী তোমাৰ নামতে 
বাঁহীৰ যাদু ওঁঠৰ ফাঁকতে,
পাহাৰ-ভৈয়াম নৈ-পানী 
লিখিছা কিমান যে গীত কাহিনী।

জনতাৰ জনপ্ৰিয় হৈ 
আজিও জিলিকি আছা যশ-খ্যাতিৰে,
সুৰীয়া সুৰেৰে আলোকৰ যাত্ৰা 
বাজে অসমবাসীৰ হিয়াত গৰ্বৰে।

হে কলাগুৰু...
মহাবীৰ বিষ্ণুপ্ৰসাদ ৰাভা,
ধন্য মই অসমীয়া 
আছে এই দেশত তোমাৰ প্ৰতিভা।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)