মৰমৰ ৰিতু,
মৰম ল'বা, আশা কৰোঁ ভালে আছাঁ। জীৱনৰ প্ৰথম কাৰোবালৈ চিঠি লিখিব ওলাইছোঁ। লাজে ভয়ে খুন্দিয়াইছে যদিও অনুভূতিবোৰে তোমাক লগপোৱাৰ বাট চাইছে।
জানা তোমাক লগ পোৱাৰ পিছৰ পৰা নিশাৰ আন্ধাৰেও বৰ আমনি কৰা হ'ল। সপোন বোৰতো তুমি তুমি অনুভূতিবোৰে পিছ নেৰা হ'ল।
প্রতিটো পলে অনুপলে তোমাৰ কথাবোৰ কাণৰ ফাঁকেৰে বাজিব ধৰা হ'ল। সপোনবোৰেও দিনৰ পোহৰতে ভুমুকি মাৰিব জনা হ'ল, হাঁহিবলৈ কোনো কাৰণৰ প্ৰয়োজন নোহোৱা হ'ল, সৌ নীলা আকাশৰ ডাৱৰেও তোমাৰ ৰূপতে ৰূপ ল'ব জনা হ'ল, দিনে নিশাই তুমি তুমি অনুভৱবোৰে পিছ নেৰা হ'ল।।
মোৰ ভাষাবোৰ তুমি নুবুজা, ইমানোতো তুমি অবুজ নহয়, হৃদয়ৰ ভাষাবোৰ মুখেৰে প্ৰকাশ কৰা
ইমান সহজ নহয় জানা। বুজি ল'বাচোন, নুবুজিলেও বুজিব চেষ্টা কৰিবাচোন। মই যে নোৱাৰো ক'ব ইমান সহজে, তুমি জানাইচোন।
পিছে এইবাৰ ক'ম বুলি ঠিৰাং কৰিছোঁ। বহু ৰাতি নিদ্ৰাহীন হৈ থাকোঁ মাথোঁ তোমাৰ এটি মেছেজ, তোমাৰ এটি ফোনৰ অপেক্ষাত। উজাগৰী নিশাৰ বহু প্ৰশ্ন কৰিব বাকী আছে, কিমান ৰাতি অপেক্ষা কৰি চকু দুটিক বিষাদ দিছোঁ সেইবোৰ বহু হিচাপ কৰিব বাকী আছে।
১৪ফেব্ৰুৱাৰীৰ দিনা আহিবাচোন আহঁতজোপাৰ তললৈ। মই তাতে তোমাৰ বাবে ৰৈ থাকিম তোমাৰ অপেক্ষাত। নোকোৱা বহু কথাই কম, নোসোধা বহু কথাই সুধিম। কান্ধত মূৰটো থৈ আহঁতজোপাক সাক্ষী বনাই, ভাগৰুৱা জীৱনৰ ভাগৰ এৰাবলৈ জীৱনৰ দায়িত্বখিনি তোমাৰ হাততে গতাই দিম।
হিয়াৰ বেদনাবোৰ ভগাই সুখে দুখে লগ দিয়াৰ প্ৰতিশ্ৰুতিৰে জীৱনৰ শুভাৰম্ভ কৰিম, আহিবাচোন সাঁচি থোৱা মৰমৰ হিচাপ সন্মুখতে কৰিম। তুমি অহাৰ অপেক্ষাত..
ইতি,
তোমাৰ বৰষা(পৰি)
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ