পৃথিবীৰ গছ-ফুল, নদী-নলা, পাহাৰ-জংঘল, বতাহ-পানী- এই সকলোবোৰেই গঠন কৰে আমাৰ পৰিবেশ। কিন্তু, এই পৰিৱেশ আজি বিপদৰ সম্মুখীন। এই বিপদৰ বিষয়ে মানুহক সজাগ কৰাৰ বাবে প্রতি বছৰে ৫ জুন বিশ্ব পৰিৱেশ দিৱস হিচাপে উদযাপন কৰা হয়। ই বিশ্ববাসীক প্রকৃতিৰ প্রতিও দায়িত্ববোধ আৰু সহানুভূতিৰ বাণী কঢ়িয়াই আনে।
১৯৭২ চনত United Nations Environment Programme ৰ অধীনত প্রথমবাৰৰ বাবে পৰিৱেশ দিবস উদযাপন কৰা হৈছিল। তেতিয়াৰ পৰা প্ৰতি বছৰে নির্দিষ্ট এটা বিষয় লৈ পৃথিবীৰ বিভিন্ন দেশত এই দিৱস পালন কৰা হয়। এই বিষয়সমূহে প্রদূষণ, বন সংৰক্ষণ, জলবায়ু পৰিৱর্তন, প্লাস্টিক সমস্যাৰ দৰে দিশবোৰত আলোকপাত কৰে। কিন্তু বর্তমানৰ যান্ত্রিকতাৰ যুগত মানুহে প্রকৃতিকেই নিজৰ বশত পেলাবলৈ চেষ্টা কৰিছে। গছ কাটিছে, নদী শুকুৱাইছে, বায়ু আৰু জল দূষিত কৰিছে। তাৰ ফলত গ্ল'বেল বর্মিং, প্রাকৃতিক দুর্ঘটনা, খৰাং, বৰষুণৰ অনিয়মিতা, প্রাণীৰ বিলুপ্তি আদি ভয়ংকৰ সমস্যাৰ সৃষ্টি হৈছে। পৰিবেশ সংবক্ষণ মানে কেবল গছ ৰোপণ কৰাই নহয়, ই হৈছে জীৱন সংৰক্ষণৰ আহিলা স্বৰূপ। পৰিৱেশ ধ্বংস হ'লে পানী, বতাহ, খাদ্য আদি সকলো সম্পদ সংকটত পৰিব। যাৰ ফলত আমাৰ ভবিষ্যতলৈ অন্ধকাৰ নামি আহিব।
সেয়ে, বিভিন্ন সময়ত বিভিন্নজনে কয়-পৰিৱেশক ভালপোৱা মানে নিজৰ জীৱনক ভালপোৱা। পৰিৱেশ দিৱসৰ দিনাৰ লগতে অন্য সময়তো আমি ব্যক্তিগতভাৱে কিছুমান পদক্ষেপ ল'ব লাগে। যেনে- গছ ৰোপণ কৰা, প্লাষ্টিক বৰ্জন কৰা, পানী আৰু বিদ্যুতৰ সদব্যৱহাৰ বনাঞ্চল সংৰক্ষণ কৰা, পৰিৱেশ পৰিষ্কাৰ কৰা ইত্যাদি।
সমগ্র পৃথিবীখনেই আমাৰ ঘৰ। এই ঘৰৰ পৰিবেশ যদি সুস্থ নাথাকে, তেন্তে আমি সুস্থ থাকিব নোৱাৰোঁ। পৰিবেশ দিৱসৰ মূল উদ্দেশ্য হ'ল সজাগতা আৰু সহানুভূতি। এই দিৱসৰ সৈতে এক প্রতিজ্ঞা হ'ব লাগে আমি প্রকৃতিৰ প্রতি দায়িত্বশীল হ'ম আৰু এজন সচেতন নাগৰিক হিচাপে আগবাঢ়িম।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ