অসমীয়া চাহজনজাতীয় লোকসমাজত ৰামায়ণী প্ৰভাৱ-সুনীতা ৰাই গৰাইত

@admin
0
ভাৰতৰ প্ৰধান দুখন মহাকাব্য ।তাৰে এখন হ'ল-- ৰামায়ণ ।এইখন মহাকাব্য মাত্ৰ প্ৰাচীন ভাৰতীয় মহাকাব্য হিচাবেই নহয় ভাৰতীয় জীৱন যাত্ৰাৰ ধাৰক আৰু বাহক হিচাপেও অতি গুৰুত্বপূৰ্ণ।ৰামায়ণত মানৱজীৱনৰ সমস্ত দিশৰ প্ৰকৃত চিত্ৰণ ঘটিছে। এই গ্ৰন্থ স্বয়ং জীৱন -যাপনৰ প্ৰণালী স্বৰূপ। ইয়াত বিশাল ভাৰতীয় সভ্যতা-সংস্কৃতিৰ দৃশ্যপট অংকিত হৈ আছে ।এই দিশৰ পৰা ভাৰতবৰ্ষৰ অন্তৰ্গত বিশিষ্ট ৰাজ্যসমূহত বসবাস কৰা বিভিন্ন জনজাতীয় লোকসকলৰ মাজত ৰামায়ণ পৰম্পৰা বিচাৰ এক আকৰ্ষণীয় বিষয় । এনে বিচাৰ বিশ্লেষণে ভাৰতীয় ঐক্য আৰু সংহতিৰ দিশটোকো প্ৰতিফলিত কৰে ।সমাজতত্ত্বৰ গৱেষকসকলে এই গ্ৰন্থক ভাৰতীয় সংস্কৃতি আৰু পৰম্পৰাৰ ৰ মূল সূঁ‌তিটোৰ এক বিশিষ্ট উপাদান হিচাপে গণ্য কৰিছে।

       ভাৰতবৰ্ষৰে এক বিশিষ্ট ৰাজ্য হ'ল অসম। অসম হৈছে বিভিন্ন জাতি- জনজাতিৰ মিলনভূমি। এই অসমৰ এক বিস্তৃত অঞ্চল জুৰি চাহজনজাতীয় লোকসকলে বসবাস কৰে। প্ৰায় দুশ বছৰ পূৰ্বেই ইষ্ট -ইণ্ডিয়া কোম্পানীয়ে অসমত চাহ শিল্পৰ উন্নতিৰ হকে ভাৰতবৰ্ষৰ বৰ্তমান উত্তৰপ্ৰদেশ ; ঝাৰখণ্ড ; মধ্যপ্ৰদেশ ; বিহাৰ; উৰিষ্যা পশ্চিমবংগ আৰু ছত্ৰিশগড় আদি কৰি বিভিন্ন ৰাজ্যৰ পৰা এওঁলোকক আনিছিল। এওঁলোক ৰামায়ণ পৰম্পৰা গৃহভূমিৰ পৰাই লগতে লৈ আহিছে। উল্লেখনীয় যে মাধৱ কন্দলিৰ ৰামায়ণত নৈসৰ্গিক বৰ্ণনাৰে উজ্জীৱিত হৈ উঠা চিত্ৰকূট পৰ্বত বৰ্তমান ঝাৰখণ্ড ৰাজ্যৰ ভিতৰুৱা । তাৰে ওচৰতে ৰাম -লক্ষ্মণ থকা ঠাই মান্দাৰ পৰ্বত ।তেওঁলোকৰ আদিম গৃহভূমি ত থকা এই মান্দাৰ পৰ্বত আৰু চিত্ৰ্কূট পৰ্বত এতিয়াও তেওঁলোকৰ পবিত্ৰ স্থান।
         
চাহ - জনজাতিয় লোক সকলে নিজকে ৰামৰ প্ৰকৃত উত্তৰাধিকাৰী বুলি দাবি কৰে । দেউৰাম তাছাই লিখিছে---" ৰজা ৰামচন্দ্ৰ ৰ প্ৰধান ভক্ত হিচাপে ধেনু-কাড় ৰ অব্যৰ্থ নিচান আজিও সঠিকভাৱে টিকাই ৰাখেছি " । এই বুলি কৈ এওঁলোকে গৌৰৱবোধ কৰে। এওঁলোকৰ সমাজত ককায়েকক অৰ্থাৎ জেষ্ঠ্য ভাতৃক পিতৃ আৰু নবৌৱেকক মাতৃ জ্ঞান কৰাৰ পৰম্পৰা আছে ।এই পৰম্পৰা ৰামৰ পৰাই অহা বুলি এওঁলোকে দাবি কৰে ।বৰ্তমান অসমৰ বিভিন্ন অঞ্চলত বসবাস কৰি থকা চাহজনজাতি লোক সকলৰ মাজত "ৰাম-ধৰম " আৰু "হনু-ধৰম " বুলি দুই ধৰণৰ ধৰ্মীয় বিশ্বাস প্ৰচলিত হৈ আছে । এওঁলোক ৰাম আৰু হনুমানৰ ভক্ত ।
              
     এখন সমাজৰ প্ৰকৃত স্বৰূপ প্ৰকাশ পায় সেই সমাজৰ লোকসংস্কৃতিৰ মাজেদি ।লোকগীত সমূহ লোকসংস্কৃতিৰ অবিচ্ছেদ্য অংগ। ই লোকজীৱনৰ বাঙ্ময় প্ৰকাশ । এই গীতসমূহ লোক সমাজ জীৱনৰ দাপোনস্বৰূপ । চাহজনজাতিৰ লোক জীৱনত ভালেমান গীত 
মাত প্ৰচলিত হৈ আছে । 
যেনে - -
টুচুগীত, ঝুমুইৰ , বিয়ানাম , জাহলী , আৰু নিচুকনি গীত ইত্যাদি । এই সকলো গীত- মাততেই ৰামায়ণৰ প্ৰভাৱ আৰু পৰম্পৰা স্পষ্ট কৈ প্ৰকাশ হৈ আছে ।

 টুচুপূজা হৈছে চাহ জনজাতীয় লোকসকলৰ কৃষিভিত্তিক নাৰীকেন্দ্ৰীক এক মাংগলিক লোকউৎসৱ। পুহ মাহ আৰু মাঘ মাহৰ সংক্ৰান্তিৰ দিনা এই পূজা বা উৎসৱ পালন কৰা হয় ।তেওঁলোকৰ দৃষ্টিত টুচুদেৱী হৈছে সীতাৰ আন এক ৰূপ।টুচু গীত সমূহত এনেদৰে গোৱা হয়।

   উদাহৰণস্বৰূপে=====

(১) অশোক বনে পাতেৰ কুড়া
সীতা পাশা খেলেচে
ৰাৱণ আচল' যোগীৰ ভেশে 
সীতা হৰণ হয়েছে ।

সীতা হৰলি ভালই কৰলি 
ৰাখবি ৰাৱণ যতনে
দেখব দেখব চনাৰ লঙ্কা দিবৰে দাহন কৰে ।

 ৰাম যাবি ন, লক্ষণ যাবি
যাৰে হনু তালাচে 
সীতা মায়েৰ খবৰ আনি
বলবি হনু আমাকে ।

এইডাল হনু ,ঔডাল হনু
কাৰ গুণ গাল ৰে   
ডাল মে বচি হনু ৰে 
সীতাৰ গুণ গাল ৰে ,।। 

অৰ্থাৎ, বনত বাস কৰোঁতে যোগীৰ বেশেৰে ৰাৱণে সীতাক হৰণ কৰি লংকালৈ লৈ যায় । ৰাৱণে সীতাক হৰণ কৰিলে তো ঠিকেই সীতাক একো অনিষ্ট নকৰি কুশলে থবলৈ আহ্বান জনাইছে , নহ'লে লঙ্কা ধ্বংস হ'ব। আকৌ এতিয়া সীতাক উদ্ধাৰৰ বাবে প্ৰথমতে ৰাম যাবনে , লক্ষ্মণ যাব তাৰেই বতৰা হনুমানক জনাবলৈ কৈ জনসাধাৰণ ব্যগ্ৰ হৈ পৰিছে ।

(২) উলু বনে জন্ম মায়েৰ সীতা সতী কন আছে,
দূৰ্গা মায়ে পাতেৰ ৰাণী ,
একহাত চুল বান্ধেচে ।।
   
   অৰ্থাৎ , সীতা হৈছে বসুমতী আই ও পৃথিৱীৰ কন্যা । উলু বনত জন্ম লাভ কৰা সীতা অজস্ৰ ৰূপ- গুণেৰ সমৃদ্ধ ।

(৩) ৰামেৰ মা কশল্যা ৰাণী মূখ বান্ধিছে পাষাণে ,
কলেৰ ৰাম কে বনে দিয়ে 
বৈচে কান্দে মহলে ।। 

অৰ্থাৎ , পিতৃবাক্য পালন ৰ উদ্দেশ্যেৰে ৰাম বন লৈ যোৱাৰ পিছত ৰামৰ মাক কশল্যা ৰাণীয়ে স্বামী আৰু পুত্ৰ ৰ মাজত মাত মাতিবলৈ অপৰাগ হৈ ৰাজমহলত কেনেকৈ হিয়া ঢাকুৰি কান্দিছিল ; নিজৰ সন্তানক তুলি তালি ডাঙৰ কৰাৰ পিছত কিয় বনলৈ যাবলৈ দিলে ? কিয় তেওঁ প্ৰতিবাদ নকৰিলে ? মূখত শিল ভৰাই থোৱাৰ দ্বৰে নিশ্চুপ হৈ ৰল ?তাৰে বৰ্ণনা গীতটিত দাঙি ধৰিছে ।

  চাহ জনজাতিৰ হিয়াৰ আমঠু কৰম পৰৱ । এই "কৰম " আৰু " পৰৱ " দুয়োটা শব্দই সংস্কৃত মূলৰ । কৰম পৰৱৰ কৰম বা "কৰ্ম্মা "সংস্কৃত কম্ম শব্দৰ পৰা আহিছে ।ৰামায়ণ , মহাভাৰত আৰু গীতা ত বহল ভাৱে ব্যৱহৃত "কৰ্ম্মই ধৰ্ম " এই শব্দদ্বয়ৰ লগত কৰম পৰৱৰ সামঞ্জস্য থকা যেন অনুমান কৰিব পাৰি । কিয়নো কৰম পৰৱৰ উৎপত্তি সম্পৰ্কে থকা আখ্যানটিত কৰ্ম্মা শৰ্মা আৰু ধৰ্ম্মা শৰ্মা নামৰ দুজন ব্ৰাহ্মণ ৰ পৰাই কৰম পৰৱ অথবা কৰম পূজাৰ উৎপত্তি হোৱাৰ উল্লেখ আছে । কাহিনীটোত কৰ্ম্মা আৰু ধৰ্ম্মা শব্দ দুটি ৰূপক হিচাবে ব্যৱহাৰ কৰা হৈছে । সহজ -সৰল চহা- মেহনতী , কৰ্মঠ জনজীৱন কৰ্ম্ম অৰু ধৰ্ম্ম ৰ প্ৰ্তি সচেতন কৰি নিজৰ পৰিশ্ৰমৰ দ্বাৰা লাভ কৰা সৎ উপাৰ্জনেৰে জীৱিকা নিৰ্বাহ কৰি ধৰ্মৰ প্ৰতি মনোনিৱেশ কৰিবলৈ নীতিশিক্ষাৰ আহিলা স্বৰূপে আৰু ৰূপক আকাৰে উক্ত শব্দ দুটাৰ ব্যৱহাৰ কৰা হৈছে।কৰম পূজাত গোৱা গীতসমূহ ঝুমুইৰ গীত। ভগৱান ৰামচন্দ্ৰৰ জন্ম বৃত্তান্ত, কৰ্ম আৰু তেওঁৰ সমগ্ৰ জীৱনৰে লগত সম্পৃক্ত সকলো ঘটনাৰাজিৰ খুটিনাটি সকলো কথাৰে সহজ সৰল বৰ্ণনা ঝুমুইৰ গীতৰ মাজত বিদ্যামান । ঝুমুইৰ উৎপত্তিৰ স্বাক্ষৰ বহন কৰা গীত মাততো ৰামায়ণৰ প্ৰভাৱৰ অভাৱ নাই ।

উদাহৰণস্বৰূপে----

(৫) আগে ঝুমুইৰ কাঁ‌হাছিল 
এবে ঝুমুইৰ কাঁ‌হা হইল ;
আগে ঝুমুইৰ অয্যোধা নগৰে
আবে হইল' দুনীয়া সংসাৰে ।।

অৰ্থাৎ , চাহ জনজাতিৰ লোকগীত আৰু লোকনৃত্য ঝুমুইৰ আগতে উৎপত্তি স্থলতে আছিল । কৰ্মসূত্ৰে বিভিন্ন অঞ্চললৈ প্ৰৱজন হোৱা ব্যক্তিসকলৰ লগতেই এই লোক গীত আৰু লোকনৃত্যও ভাৰতৰ বিভিন্ন অংগ ৰাজ্য সমূহলৈ বহুলভাৱে বিস্তাৰিত আৰু সমাদৃত হ'ব ধৰিলে ।তাকে গীতটিৰ মাজেৰে উল্লেখ কৰিছে।

(৬) ৰাম গড় দ লিলি বিছি ,
লক্ষ্মণ গড় দ লিখন গঢ়ন,
দায়াগি ৰাম গড় , 
দয়াগি লক্ষ্মণ গড় , 
দায়াগি গড় বন বাগি য়াদা ,
ৰাম দ ৰাম টুটি ,
লক্ষ্মণ দ লক্ষ্মণ টুটি ,
দায়া গি গড় বন বাগি য়াদা।।

     অৰ্থাৎ ; ৰামগড় অঞ্চলৰ মান্দাৰবুৰু (মান্দাৰ পৰ্বত ) নামৰ ঠাইত ৰামৰ অতি ৰং -বিৰঙৰ দূৰ্গ আছিল । আৰু লক্ষ্মণৰ দূৰ্গ ও আছিল অংকিত ।এই ৰাম আৰু লক্ষ্মণ ৰ দূৰ্গ অতি দুখেৰে এৰি যাবলৈ ওলাইছো ।এই ঠাইতে ৰামৰ ধেনু- কাঁ‌ড় আৰু থুতি আছিল । এই ঠাইতেই লক্ষ্মণৰ ধনু- কাঁ‌ড় আৰু থুতি আছিল ।সেই বোৰো অতি দুখ মনেৰে এৰি যাবলৈ ওলাইছো।

(৭) নাম দ ৰে ৰাৱণ ,
য'ত বৈহা খনেম বৈৰীয়ানা,
ঋষি যে ৰকমে ৰাৱণ চেতেৰনা,
পূৰৱ পশ্চিম ৰাৱণ,
হেন্দে ৰিমিল ৰাকাপ এন,
বিজলী ,
মাৰ্চাল ৰাৱণ নেল কামা,
ৰাম লক্ষ্মণ দ চেন্দ্ৰিকিন চালা অ
বুৰু লেকান কান কিন ক'লচা নোটাং,
সীতে গ গ দ সীতানালা দা লুইয়ে দুকে'না ,
গুণুৰ গুণুৰ গুণ্ড,
বুৰু লিকান গূণে ক'লচা নোটাং।।

      অৰ্থাৎ ; ৰাৱণ তুমি সকলো সন্ত্ৰাসৰ শত্ৰু হৈছা ।সতৰ্ক হোৱা ,সজাগ হোৱা ,তোমাৰ মৃত্যু ৰ দিন উপস্থিত হৈছে ।পূৱ আৰু পশ্চিম দিশত কলা মেঘে আকাশ ছানি ধৰিছে । তাৰ লগে লগেই বিজুলী ঢেৰেকনি ও আহিছে ।ৰাম আৰু লক্ষ্মণ দুয়ো চিকাৰলৈ যায় , পৰ্বতৰ নিচিনা শত্ৰুকো তেওঁলোকে পৰাজিত কৰে । আই সীতাই সীতানালালৈ লয়লাস ভংগীৰে পানী আনিবলৈ যায় ।তেওঁ পৰ্বতৰ নিচিনা শত্ৰুক পৰাজিত কৰে ।

(৮) ৰামা তিৰে দ বাৰম'ন আ মেনা, 
লক্ষ্মণ তিৰে দ তেৰমন চাৰ , 
চাৰকিন আৰা কেদা লগুবৰ চেতান্তে ,
চাৰদ নুৎৰেন তাকিন সমুদৰি ,
হনুমানে দন কেদা চাৰ চাৰতে গণ ৰি ৰে ,
অন্দে খনে দন কেদা লংকা গঢ়তে ,
তেৱেই দাৱন লেডে ৰাৱণ ৰাজা।।


             অৰ্থাৎ ; ৰামৰ হাতত বাৰমোণীয়া ধনু আৰু লক্ষ্মণৰ হাতত তেৰমোণ তীৰ । দুয়ো ' লগুবৰ' ৰ (পাহাৰ বা পৰ্বত) ওপৰেদিয়েই জাপ মাৰি লংকাপুৰী পাইছিলগৈ , তেতিয়াহে ৰাৱণক দমন কৰিব পাৰিছিল । 

(৯) লালে লাল ঠৰ চুগা
হৰিয়াৰ পাঁ‌ইখৰে
 হে ৰাম,
ৰজনী ৰজনী ভৰ আঁইখৰে 
হে ৰাম,
ৰজনী -----। ।

উক্ত ঝুমুইৰ গীতটিত ৰাম হৈছে সৃষ্টিকৰ্তা । এই বিনন্দীয়া ধৰাখনত সৃষ্টিকৰ্তা ৰামে কিমান যে ধুনীয়া ধুনীয়া চৰাই - চিৰিকটিৰ সৃষ্টি কৰিছে ।ইয়াৰে অন্যতম সৃষ্টি হৈছে ভাটৌ চৰাই । চৰাইটিয়ে নিজ সৌন্দৰ্য্যৰে সকলোকে বিমোহিত কৰি থৈছে ।ইয়াৰ ৰঙা ঠোঁট ,শ্যাম বৰণীয়া পাখি ,আৰু নিশাৰ আমেজ সনা চকু দুটিয়ে যিকোনো সৌন্দৰ্য্য পিপাসুৰ মন আকৰ্ষণ নকৰাকৈ নাথাকে। 


(১০) চট চট হনুমান 
বৰ বৰ পেট ৰে 
সাগৰে বান্ধিয়ে হনু
 মাথাই কৰে হেট ৰে--।।

ইয়াত হনুমানক চুটি চাপৰ আৰু ডাঙৰ পেটেৰে" নাম মাহাত্ম্য" ৰ বাবেই "ৰাম নাম" লিখা শিল বোৰে কেনেকৈ সাগৰৰ পানীত উপঙি উঠিছিল, তাৰেই সাগৰত কেনেকৈ সেতু বান্ধিছিল তাকে ব্যাখ্যা কৰিছে । ।

 (১১) ৰাম লক্ষ্মণ দুটি ভাই
সীতাক নিয়ে বনে যায় 
হে চাম হনুমান 
লিয়ে আমাকে 
সাগৰ পাৰ কৰ ৰে--।।
    
   অৰ্থাৎ ,বনত থাকোতে সীতাক ৰাৱণে হৰণ কৰাৰ পিছত হনুমানে ৰাম-লক্ষ্মণক সহায় কৰিছিল সীতা ক উদ্ধাৰ কৰিবলৈ । হনুমানে সহজেই তেওঁলোকক সাগৰ ইপাৰ -সিপাৰ কৰি দিছিল ।


বিবাহ হৈছে যিকোনো সমাজৰ বাবেই এক পবিত্ৰ আৰু মহত্বপূৰ্ণ সামাজিক অনুষ্ঠান । চাহ জনজাতিৰ বিবাহ সংস্কৃতিৰ প্ৰত্যেক অংগতেই ৰামায়ণ বিশেষৰূপে সংলগ্ন হৈ আছে । বিয়াত পানীতোলা, মূৰত তেল দিয়া ,সেন্দূৰ দিয়া , অগ্নিক সাক্ষী কৰি সাতপাক ঘূৰি সাতোটা শপত বা প্ৰতিজ্ঞা লোৱা সকলোতে ৰামায়ণৰ প্ৰভাৱ লক্ষ্য কৰিব পাৰি ।বিয়াৰ দিনা দৰা-কন্যাক ৰাম আৰু সীতাৰ প্ৰতিৰূপ হিচাপে ধৰা হয় । চাহ জনজাতিয় বিয়াগান বোৰৰ মাজেদি এই ৰামায়ণৰ গভীৰ প্ৰভাৱ পৰিলক্ষিত হয়। 

উদাহৰণস্বৰূপেঃ

(১২)
চলৰে সংগতি সৱে
ৰাম বন যাব ,
ৰামেৰ বাণ লিয়ে 
মিৰিগা ৰে বনে সখি হৰিণা চিকাৰ কৰে । ।

  অৰ্থাৎ বিয়াত মহিলাসকলে কইনাক গা ধুৱাবৰ বাবে পানী তুলিবলৈ যাওতে এই গীতটি গোৱা হয় । কইনাৰ মূল সখী দুগৰাকীয়ে দুটি কলহ কাষত লৈ যায় আৰু ধেমেলীয়া সম্পৰ্ক ৰ ব্যক্তি এজনে ধনু কাড় লৈ যায় ।তাকে উদ্দেশ্য কৰি কোৱা হয় যে পানী তুলিবলৈ যাওঁতে নিশ্চয় বন পাম আৰু বনত নিশ্চিত ভাৱেই হৰিণা থাকিবই ।তেতিয়া তাক চিকাৰ কৰা হব বুলি গোৱা হয়।

উদাহৰণস্বৰূপে----

(১৩)

 ৰাম লক্ষ্মণ সীতিয়া তিনিজন 
বনতে কৰিলা গমণ,
গদাবৰী কূলে পাঁ‌চগোটি মূলে 
তাহিৰে কৰিলে বিচৰণ--।।

 অৰ্থাৎ, ৰাম ,লক্ষ্মণ আৰু সীতা তিনিওজন একেলগে পিতৃবাক্য পালন কৰি বনলৈ গমণ কৰিলে। তেওঁলোক গোদাৱৰী নদীৰ পাৰত থকা বনত বসবাস কৰিছিল ।লগতে বনত সহজে উপলব্ধ ফল -মূল খাই জীৱিকা নিৰ্বাহ কৰিছিল ।

সকলো সমাজ জীৱনতে হৰ্ষ- বিষাদ, উৎসাহ-নিৰুৎসাহ, আশা- নিৰাশা, কল্পনাৰে পৰিপূৰ্ণ থাকে ।সকলো প্ৰসংগতেই এজন মূল নায়ক থাকে । চাহ- জনজাতিয় লোকজীৱনৰো মূল নায়ক হ'ল ৰাম য'ত মাৰ কোচত "লৰি" অৰ্থাৎ (নিচুকনি গীত বা কেচুৱা ওমলা গীত) তো থাকে আকৌ তাতেই জীৱনৰ শেষ মূহুৰ্ত বা অন্তিম ক্ষণ তো ৰাম-নাম লৈ চকু মুদে । মৰাশ দাহ বা সমাধি দিয়াৰ উদ্দেশ্যেৰে শ্মশান যাত্ৰাতো " ৰাম -নাম -সৎ হে "বুলি নাম গাই গাই যায়।চাহজনজাতিয় নিচুকনি গীত বা চানা খেলোৱা গীতত শিশুমনক সহজে আকৰ্ষিত কৰিবলৈ বা ভয় খোৱাই শুৱাবলৈ এনেদৰে গোৱা হয়-- ----

 (১৪)
পদ্ম পাতেৰ ডিঙা চাজেচি,
খাগৰি গাছেৰ বঠা ৰে।
একলা ৰামে যজ্ঞ পাতেছে ,
সংগে নাই সীতাৰে ।।

 অৰ্থাৎ পদুম পাতৰ নাও সাজি খাগৰিৰে বঠা বনাইছে ,কিন্তু তাৰ একো যথোপযুক্ত ফল পোৱা নাযায় ঠিক তেনেকৈয়ে সীতা নোহোৱাকৈয়ে ৰামে যজ্ঞ পাতিছে । এনে শুভ কামত পতি আৰু পত্নী উভয়ে একেলগে বহিব লাগে তেতিয়াহে যথোচিত ফল লাভ কৰে। 

 আকৌ---

(১৫)

আৱাৰে ৰাম' চড়া , কথা বলে দেৱ,
তৰ কথা মে আগ লগাব 
হামদেৰ বাবু নিন্দাই যাব ।।

 অৰ্থাৎ মাকে ৰামায়নৰ "কথা "অৰ্থাৎ "সাধুকথা" শুনোৱাই শুৱাবলৈ চেষ্টা কৰিছে। হনুমানে সীতাক বিচাৰি কেনেকৈ সোণৰ লংকা ত গৈছিল আৰু সমগ্ৰ লংকাত জুই লগাই দিছিল । সাধুৰ চলেৰে মাকে শিশুটিক জুইৰ ভয় দেখুৱাই শুৱাবলৈ চেষ্টা কৰিছে ।

     চাহ জনজাতিয় গীতসমূহৰ মাজত ৰামায়ণৰ মূল কাহিনীবোৰ তেওঁলোকৰ নিজস্ব দৃষ্টিভংগিৰে ,অতি কাব্যিক আৰু মনোমোহা ৰূপত প্ৰকাশ লাভ কৰিছে । এওঁলোকৰ সমাজত এনে অজস্ৰ গীত-মাত প্ৰচলিত হৈ আছে ।এই আলোচনাটিত চাহ- জনজাতিয় সমাজ জীৱনত ৰামায়ণ পৰম্পৰাৰ এক প্ৰাথমিক অনুসন্ধান ৰ ৰূপৰেখা হে তুলি ধৰা হৈছে ।এই গীতবোৰৰ মাজেদিয়েই প্ৰমাণিত হয় যে চাহ- জনজাতিয় সমাজ জীৱনত ৰামায়ণৰ সামাজিক মহত্ব ব্যাপকআৰু ইয়াৰ প্ৰভাৱ কিমান গভীৰ । যাৰ বাবেই ৰামায়ণৰ পাৰিবাৰিক মূল্য ; সামাজিক বান্ধোন ; ন্যায়ৰ মহত্ব ; ধৰ্ম আৰু কৰ্তব্য আদি প্ৰদৰ্শিত হৈছে । বৰ্তমান সময়ত জনজাতিটোৰ লোকসমাজ ব্যৱস্থাত ৰামায়ণী প্ৰভাৱৰ উপযুক্ত চৰ্চা আৰু গৱেষণাৰ এক বিস্তৃত ক্ষেত্ৰ সম্ভাৱনাৰে পৰিপূৰ্ণ হৈ আছে।

সহায়ক গ্ৰন্থপঞ্জী
   
১।Tradition of the Ramayana in Eastern India(Edited 2002) assamese Department D.U .--Dr Niranjana Mahanta Bezborha.

২.।কৰম পৰৱ স্মৃতিগ্ৰন্থ ।( ১৯৮৬ )।সম্পাদক -প্ৰহ্লাদ চন্দ্ৰ তাচা।
সহায়ক সমলক্ষেত্ৰ ঃ-
৩। ওৱাটিং চাহ বাগিচা ।গোলাঘাট।
৪।জামুগুৰি চাহ বাগিচা।গোলাঘাট।
৫।মধুপুৰ চাহবাগিচা। ধেমাজী।
৬।Internet ।


         

📝সুনীতা ৰাই গৰাইত
   ভজো,সোণাৰি

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)