বহুদিন হল তোমাৰ চিঠি নোপোৱা আশাকৰোঁ ভালেই আছা। মা হঁতক মোৰ সেৱা জনাবা। অ' তোমাক এটা খবৰ দিবৰ বাবে চিঠি খন লিখিব লগীয়া হ'ল। তোমাৰ প্ৰিয় ৰজনীগন্ধা ফুল জোপা ফুলিছে যি জোপা তুমি ৰুইছিলা। অ' আৰু এটা কথা এইবাৰ ভন্টিয়েও ইউনিভাৰ্ছিটিত ছীট পালে এতিয়া তাই মোৰ লগত একেলগে থাকিব গুৱাহাটীত।
জোনাক,তুমি বাৰু জানানে তোমাৰ ঘৰৰ মানুহ আহিছিল এইবাৰ আমাৰ ঘৰলৈ আমাকো মাতি গৈছে কিন্তু মোৰ ভয়হে লাগিছে কিয় বা মাতি গ'ল এনেকৈ? তাতে তোমাৰ মহা মাহী ও আহিছিল। মই একো জগৰ লগোৱা নাইটো? কেনেবাকৈ কিবা জগৰ লগালে হৈছে আৰু দেউতাহঁতক তুমিতো জানাই নহ।
বিশেষ নিলিখো। তুমি লৈ অহা কিতাপ কেইখন পঢ়ি শেষ হ'ল। এইবাৰ আহোঁতে বাকী খিনি লৈ আহিবা। বিহুত আহিবা নহয় জানো। তোমালৈ আশী সূতাৰ গামোচা এখন বৈ থৈছোঁ বিহুত দি দিম। শেষত মৰম ল'বা। মা দেউতাহঁতলৈ সেৱা নিবেদিছো । আজিলৈ সমাৰিছো। বিদায়।
ইতি
তোমাৰ মৰমৰ
জোনাকী পৰুৱা
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ