তনু
শৰতৰ আবেলি বাৰান্দাত বহি থাকোতেই অপ্ৰত্যাখিত ভাৱে তোমাৰ চিঠিখন হাতত পৰিল ।
চিঠিখন হাতত লৈয়ে স্তব্ধ হৈ পৰিলোঁ । উশাহ-নিশাহ যেন ৰূদ্ধ হৈ যাব এনে লাগিছিল । নিজকে সংযত কৰি একে উশাহতে তোমাৰ কাতৰ ভৰা পত্ৰখন পঢ়ি
পেলালোঁ । সপোনতো ভৱা নাছিলো তোমাৰ পৰা এনে এখন মৰম ভৰা পত্ৰ পাম বুলি । অৱশেষত মান-অভিমান ভংগ কৰি শৰতে কঢ়িয়াই আনিলে তোমাৰ মনৰ বতৰা। যি বতৰাৰ বাবে মই আজিও অপেক্ষাকৃত আছিলোঁ । তোমাক হেৰুৱাই কতদিন ,
কতৰাতি উজাগৰে কটাইছো বুজাব নোৱাৰো । বুজাব নোৱাৰো তোমাৰ প্ৰতি থকা মোৰ মনৰ আকুলতাবোৰ কিমান জীৱন্ত। !তোমাৰ মতামতক মই সন্মান জনাইছোঁ ।অমাৱশ্যাৰ ৰাতিবোৰ তোমাৰ প্ৰেমৰ জোনাকেৰে আহা আমি দুগুণে উজলাই লওঁ
জীৱনৰ শেষ প্ৰান্তৰলৈকে । সিদিনা তুমি আৰু মই বিচ্ছেদ হোৱা বাটৰ কেঁকুৰিতে মই ৰৈ আছোঁ তোমাৰ
বাবে । মোৰ হৃদয়ে কৈছিল দেৰিকৈ হলেও তুমি মোৰ কাষলৈ ঘূৰি আহিবা এদিন ।মোৰ জীৱনৰ শেষ উশাহটো তোমাৰ কোলাত মূৰ থৈ ল'ব বিচাৰোঁ । এপাহ ৰঙা গোলাপ অন্তিম বাৰৰ বাবে তোমাক উছৰ্গা
কৰিব বিচাৰোঁ । জানা তনু ,মোৰ জীৱনৰ বাকী থকা
প্ৰতিটো পল তোমাৰ নামত লিখিব বিচাৰো । তোমাৰ অকৃত্ৰিম মৰমৰ বাবেই মই বেলেগ সংসাৰ গঢ়াৰ কথা
কল্পনাই কৰিব নোৱাৰিলোঁ । তোমাৰ অভাৱ অনুভৱ জীৱনে সদায় কৰিছিল আৰু এতিয়াও কৰোঁ । অতি সোনকালে মই তোমাক মোৰ জীৱনলৈ স্বাগতম জনাম ।
জানা তনু, এতিয়া মই কাৰোলৈ ভয়, সংকোচ নকৰো । মুক্ত ভাৱে কম তুমি মাথোঁ মোৰ ,কেৱল মোৰ । সেয়েহে মই আজি তোমাৰ প্ৰিয় গীত "ৰৈ ৰৈ বিনালে ,নিশায়ে বিনালে" বাৰে বাৰে গাবলৈ যত্ন কৰিছোঁ । আজীৱন সংগী হোৱাৰ আশাৰে এবুকু মৰম যাচিলো ।
ইতি..
তোমাৰ তন্ময়
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ