কাহিনী।
শাওণে জিৰণি দিয়া;
তিনিটা দিগন্তৰ ব্যৱধানৰ
কাহিনী...!
মনবৰ হালোৱাৰ কান্ধত;
ডাঙৰিৰ ভৰ আকৌ পৰিব।
ৰূপহীৰ বসন্তৰ জেতুকাবুলীয়া
হাতত,
ব্যস্ততাৰ আঁচোৰ লাগিব।
এইবাৰ আকৌ বোলে;
আঘোণ আহিব।
এলাগী হৈ পৰি ৰোৱা
মামৰে ধৰা কাঁচিখনত;
আঘোণৰ ধাৰ বহিব।
শুণিছো......
এইবাৰ আকৌ বোলে;
আঘোণ আহিব....!!!
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ