মেঘৰ আঁৰত হৃদয়ৰ ছবি - সংগীতা গায়ন বৰা

 protibha phukon
0
জীৱনঘাটৰ দেওলগা সাগৰখনক কোনে বুজি পায় 
অনন্ত যাত্ৰাত খোজ দিয়া সময়ৰ পৃষ্ঠা বোৰত,
কিহৰ ছবি নিৰ্মাণ কৰা যায়।

আঙুলি অঁকা প্ৰকাশিত নীলা খামৰ চিঠিত
জীৱনৰ কবিতাৰ প্ৰতিধ্বনিত আজিও বাজি উঠে উদাসী সুৰত বিলিন হ'ব বিচৰা অনন্তৰ
অসীম অচিন বাটৰ খোজত ।

স্মৃতি বোৰ বিস্মৃতিৰে উদাস হোৱাত 
ভাবনাত স্থিৰ -অস্থিৰ পটভূমিত উদাসীন কবি,
ডেউকা হোৱা দৃশ্য পটৰ অনুভৱত
জীৱন মেঘৰ আঁৰত হৃদয়ৰ ছবি।

অতীতেও সেই খোজত খোজ মিলাই 
দোলা দি হৃদয়ত পুৰণি ইতিহাস সোঁৱৰাই,
এসময়ৰ অমৃতৰ কলহ লোৱা মুখখন অবুজ ভাৱনাত;
এটি পলৰ বাবে হলেও হাঁহি বিৰিঙাই হৃদয়ৰ হৃদয়ত
অধৰো থমকি ৰ'য় সময়ৰ বলুকাত।

একেদৰেই আছোঁ বুলি ক'লেও....
প্ৰশ্ন এটাই প্ৰশ্নটোৰ মুখলৈ চায়।


 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)