মৰম লʼবা। বহুত দিনে হʼল তোমাৰ খবৰ পোৱা নাই।খবৰ এটি লʼম লʼম বুলি লʼব পৰাই নাই জানা? আজি চিঠিৰ খামতে তোমাৰ খবৰ বিচাৰিলোঁ। চিঠিৰ উত্তৰ পাম বুলি আগ্ৰহেৰে অপেক্ষা কৰিলোঁ।
আজি বহুত দিনেই হʼল উজাগৰি নিশা তোমাৰ অবিহনে পাৰ কʼৰা। তুমি বিহীন ভাৱে জীৱনটো কিদৰে পাৰ কৰিছোঁ নাজানো। কেতিয়াবা খুব অকলশৰীয়া অনুভৱ কৰোঁ যদিও নিজৰ মাজতে সুখী। দিনটো ব্যস্ততাৰ অন্ততঃ ৰাতি শিতানৰ গাৰুটো লগতে মনৰ কথা প্ৰকাশ কৰোঁ। অচ্যুৎ অঞ্জলি ৰে সেমেকাই তুলো তোমাক হেৰুৱা বেদনাত। মনত আছে নে তুমি যে কৈছিলা উপহাৰ নামত আনিব নালাগে দামী বস্তু, মাথোঁ অলপ সময় লৈ আহিবা লগত। বিলাসী ৰেস্তোৰাঁৰ বিলাসী আহাৰ নালাগে,ফুট পাথৰ ককা হাতৰ পিয়লা চাহ কাপেই যথেষ্ট।ককায়ে আমাক মন ভৰি আশীৰ্বাদ কৰি কʼব "মূৰৰ চুলি সমান আয়ুস হওঁক"।প্ৰতি পল নালাগে কাষত মাথোঁ নিসংগ সময়ত কাষত থাকিবা সাহস দিবলৈ। ভালপোৱা বোৰ মুখেৰে প্ৰকাশ কৰাতকৈ সন্মানৰে কৰিবা আজীৱন সুখী হʼব পৰা কৈ। মোৰ লগতে মা-ভন্টিকো সন্মান কৰিবা প্ৰতিপল।
আজিকালি অতীত হʼল সেইবোৰ কথা। ভালপোৱা নাম লৈ কিয় এনেকুৱা কৰিলা। চিনাকী ঠিকনাত কিয় অচিনাকী কৰিলা।মৰম ভালপোৱা বোৰক কিয় সমাধিস্থ কৰিলা। তুমি আনৰ বুলি জানিও তোমাক ভালপোৱাও শব্দটোৱে মোৰ জীৱনৰ আটাইতকৈ ডাঙৰ অধ্যায়।
ইতি
তোমাৰ মৰম

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ