ভাৰতৰ গণতন্ত্ৰ দিৱসৰ তাৎপৰ্য আৰু ভাৰতীয় নাগৰিকৰ সংবিধানপ্ৰদত্ত অধিকাৰ-নাছিৰ আহমেদ

Rinku Rajowar
0
প্ৰায় ২০০ বছৰৰ বিদেশী ব্ৰিটিছৰ ঔপনিৱেশিক শাসনৰ সমাপ্তি ঘটি ১৯৪৭ চনৰ ১৫ আগষ্টত আমাৰ দেশে স্বাধীনতা লাভ কৰে যদিও ১৯৫০ চনৰ ২৬ জানুৱাৰীলৈকে ভাৰতে ইয়াৰ গণতান্ত্ৰিক মূল্যবোধৰ আত্মাস্বৰূপ সংবিধান লাভ কৰা নাছিল। স্বাধীনতা লাভ কৰাৰ পিছত ১৯৪৭ চনৰ ২৯ আগষ্টত সংবিধান প্ৰস্তুত কৰাৰ বাবে এখন খচৰা সমিতি গঠন কৰা হৈছিল। এই সমিতিখনৰ সদস্যবৃন্দ হ'ল -
১/ ড° বি আৰ আম্বেদকাৰ ( অধ্যক্ষ)
২/ কে এম মুন্সী ( সদস্য)
৩/ গোপাল স্বামী আয়াংগাৰ ( সদস্য)
৪/ মহম্মদ ছাৰ চৈয়দ ছাদুল্লাহ ( সদস্য)
৫/ আল্লাদি কৃষ্ণস্বামী আয়াৰ ( সদস্য)
৬/ এন মাধৱ ৰাও, যিয়ে বি এল মিত্তাৰৰ স্থান লৈছিল ( সদস্য)
৭/ টি টি কৃষ্ণমাচাৰী ( যিয়ে ডি পি খাইটানৰ স্থান লৈছিল ( সদস্য)
খচৰা সমিতিয়ে বিতংকৈ আলোচনা- বিলোচনা কৰি ১৯৪৭ চনৰ নৱেম্বৰত সংবিধান সভাত সংবিধানৰ আনুষ্ঠানিক খচৰা উপস্থাপন কৰে।
তাৰ পিছত পৰৱৰ্তী দুবছৰত কেইবাটাও অধিৱেশন অনুষ্ঠিত কৰি বিভিন্ন পৰিৱৰ্তন অন্তৰ্ভুক্ত কৰাৰ পিছত অৱশেষত সংবিধান সভাই  ১৯৫০ চনৰ   ২৬ জানুৱাৰীত সংবিধানখন আনুষ্ঠানিক ভাৱে গ্ৰহণ কৰে। বিধানসভাৰ মুঠ ৩০৮ জন সদস্যই দুটা   প্ৰতিলিপিৰ এটাত হিন্দীত আৰু আনটো ইংৰাজীত স্বাক্ষৰ কৰে। এয়া দেশৰ বাবে এক গুৰুত্বপূৰ্ণ মুহূৰ্ত আছিল ; যিয়ে ভাৰতবৰ্ষক এক স্বাধীন গণৰাজ্যৰ মৰ্যাদা প্ৰদান কৰে। প্ৰকৃততে ভাৰতীয় জাতীয় কংগ্ৰেছে ( INC) ১৯৩০ চনৰ ২৬ জানুৱাৰীত তেওঁলোকৰ লাহোৰ অধিৱেশনৰ সময়ত বৃটিছ চৰকাৰৰ ঔপনিৱেশিক শাসনৰ পৰা মুক্তি লাভ কৰিবলৈ" পূৰ্ণ স্বৰাজ" ঘোষণা কৰিছিল। সেই দিৱসটিক সম্পূৰ্ণ ৰূপে স্বীকৃতি প্ৰদান কৰিবলৈ ১৯৫০ চনৰ ২৬ জানুৱাৰীত সংবিধানখন আনুষ্ঠানিক ভাৱে গ্ৰহণ কৰি আমাৰ দেশত প্ৰতি বছৰে ২৬ জানুৱাৰীত  গণৰাজ্য দিৱস হিচাপে উদযাপন কৰাৰ  সিদ্ধান্ত গ্ৰহণ কৰা হয়। 
সেই হিচাপে, ২৬ জানুৱাৰীত সমগ্ৰ ভাৰতবৰ্ষত ৰাষ্ট্ৰীয় পৰ্যায়ত আৰু স্থানীয় ভাৱে গণৰাজ্য দিৱস পালন কৰা হয় ,যাৰ মুখ্য আকৰ্ষণ হৈছে নতুন দিল্লীৰ কৰ্তব্য পথত ( আগেয়ে ৰাজপথ) দেশৰ তিনিটা বাহিনীৰ ( স্থল সেনা, নৌসেনা, বায়ুসেনা) এক বিশাল সামৰিক পেৰেড ৰাষ্ট্ৰপতি ভৱনৰ পৰা আৰম্ভ হৈ ইণ্ডিয়া গেট লৈকে অনুষ্ঠিত হয়। এই পেৰেডৰ সৈতে সামৰিক বাহিনীৰ কুচ-কাৱাজ, বিভিন্ন ৰাজ্যৰ সাংস্কৃতিক শোভাযাত্ৰা ( TABLEAUX) আৰু দেশৰ প্ৰতিৰক্ষাৰ সামৰ্থ্যৰ প্ৰদৰ্শন কৰা হয়।
ভাৰতৰ ৰাষ্ট্ৰপতিয়ে এই পেৰেডত মুখ্য অতিথি হিচাপে থাকি দেশৰ প্ৰতিনিধিত্ব কৰি পেৰেড পৰ্যবেক্ষণ কৰে। 
বিভিন্ন শিক্ষা প্ৰতিষ্ঠান আৰু সামাজিক সংস্থাৰ দ্বাৰা দেশৰ বৈচিত্ৰ্য প্ৰদৰ্শ মন িন কৰা সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত কৰা হয়।
স্থানীয় আৰক্ষী, ঐ অনুষ্ঠিত হয়। এই গণৰাজ্য দিৱসত দেশৰ স্বাধীনতা আন্দোলনত জঁপিয়াʼই পৰি প্ৰাণ আহুতি দিয়া শ্বহীদ সকলৰ প্ৰতি স্মৃতি তৰ্পণ আগবঢ়োৱা হয় আৰু আই োূছশদড়ৌখ ঢ়্যোইখ্ৰ‌আৰু দেশ ৰক্ষাৰ বাবে কৰ্তব্যত আত্মনিয়োগ কৰা সৈনিকসকলক বিশেষ সন্মান, পদবী আৰু সাহসিকতাপূৰ্ণ কাৰ্যৰ বাবে পদ্মবঁটা( পদ্ম বিভূষণ,পদ্ম ভূষণ, পদ্মশ্ৰী) আৰু সামৰিক পদক( পৰমবীৰ চক্ৰ,মহাবীৰ চক্ৰ,বীৰ চক্ৰ)  আদি উপাধিৰে সন্মানিত কৰা হয়।  বিদ্যালয় আৰু মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে দেশপ্ৰেমমূলক গীত, কবিতা আৰু নাটক পৰিবেশন কৰাৰ উপৰিও দেশৰ ঐতিহ্য, ইতিহাস আৰু সামাজিক পটভূমিৰ বিষয়ে আলোচনা সভা পাতে। 
দেশৰ বিভিন্ন সামাজিক, ৰাজনৈতিক, সাংস্কৃতিক আৰু শিক্ষানুষ্ঠানসমূহত পতাকা উত্তোলন কৰি ৰাষ্ট্ৰীয় সংগীত পৰিৱেশন কৰে। বৰ্তমান বিজেপি শাসিত কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশ মৰ্মে ঘৰে ঘৰে পতাকা উত্তোলন কৰি জাতীয় ত্ৰিৰংগা পতাকাক সন্মান প্ৰদৰ্শন কৰে।
প্ৰকৃততে, গণতন্ত্ৰ বা গণৰাজ্য দিৱস উদযাপন কেৱল স্বাধীনতা আন্দোলনৰ ইতিহাস চেতনাবোধ আৰু ভাৰতীয় গণতন্ত্ৰ প্ৰতিষ্ঠাক কেৱল সঁকিয়াই নিদিয়ে ; বৰঞ্চ ভাৰতৰ পবিত্ৰ সংবিধানত সন্নিৱিষ্ট ভাৰতীয় নাগৰিকৰ সংবিধানপ্ৰদত্ত অধিকাৰ তথা মূল্যবোধক পুনৰ দৃঢ় বিশ্বাস আৰু সংকল্প গ্ৰহণ কৰাৰ এক বিশেষ দিৱস। 

সেয়ে,এতিয়া আমি সংবিধানত সন্নিৱিষ্ট ভাৰতীয় নাগৰিকৰ সংবিধানপ্ৰদত্ত অধিকাৰ সম্পৰ্কে আলোকপাত কৰিবলৈ প্ৰয়াস কৰিম।
ভাৰতীয় নাগৰিকৰ মুঠ ছটা মৌলিক অধিকাৰ আছে, যিবোৰ সংবিধানৰ ৩ নং অংশৰ ১২-৩৫ অনুচ্ছেদত বৰ্ণনা কৰা হৈছে  ; য'ত সমতাৰ অধিকাৰ, স্বাধীনতাৰ অধিকাৰ, শোষণৰ বিৰুদ্ধে অধিকাৰ, ধৰ্মৰ অধিকাৰ, সাংস্কৃতিক আৰু শৈক্ষিক অধিকাৰ আৰু সাংবিধানিক প্ৰতিকাৰৰ অধিকাৰ।
সমতাৰ অধিকাৰ ( Article 14-18) :- মতে আইনৰ দৃষ্টিত সকলো সমান । ধৰ্ম,জাতি ,লিংগ বা জন্মস্থান ৰ বাবে বৈষম্য নিষিদ্ধ , চৰকাৰী নিয়োগত সমান সুযোগ।
স্বাধীনতাৰ অধিকাৰ ( Article ( 19-22):- বাক আৰু মত প্ৰকাশৰ অধিকাৰ , শান্তিপূৰ্ণ ভাৱে সমবেত হোৱাৰ অধিকাৰ, সংগঠন গঢ়াৰ অধিকাৰ,দেশৰ যিকোনো ঠাইত বসবাস কৰাৰ অধিকাৰ আৰু যিকোনো বৃত্তি বা ব্যৱসায় কৰাৰ অধিকাৰ।
শোষণৰ বিৰুদ্ধে অধিকাৰ ( Article 23-24):- মানৱ সৰবৰাহ আৰু বলপূৰ্বক শ্ৰম নিষিদ্ধ আৰু ১৪ বছৰৰ তলৰ শিশু শ্ৰমিকক কলকাৰখানাত বা বিপজ্জনক কামত নিয়োগ নিষিদ্ধ কৰা।
সাংস্কৃতিক আৰু শৈক্ষিক অধিকাৰ ( 29-30):- নাগৰিকৰ যিকোনো শ্ৰেণীৰ নিজৰ নিজৰ ভাষা,লিপি আৰু সংস্কৃতি সংৰক্ষণ কৰাৰ অধিকাৰ আৰু সংখ্যালঘু সকলৰ সকলো অধিকাৰ সাব্যস্ত কৰা। 
ধৰ্মৰ স্বাধীনতাৰ অধিকাৰ (Article 25-28):-  ভাৰতৰ পবিত্ৰ সংবিধান মতে ভাৰতৰ সকলো ধৰ্মাৱলম্বী লোকসকলৰ সম অধিকাৰ আছে  ; যিহেতু ভাৰতবৰ্ষখন এখন ধৰ্ম-নিৰপেক্ষ ৰাষ্ট্ৰ। কিন্তু, কিছুমানে ক'ব খোজে যে, ভাৰতৰ সংবিধানত আৰম্ভণিতে 'ধৰ্ম-নিৰপেক্ষ' শব্দটি সন্নিৱিষ্ট হোৱা নাছিল। ১৯৭৬ চনত তদানীন্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ নেতৃত্বাধীন ভাৰতীয় জাতীয় কংগ্ৰেছ চৰকাৰে  ৪২ নং সংশোধন মৰ্মে সংবিধানত " ধৰ্ম-নিৰপেক্ষ" শব্দটি সন্নিৱিষ্ট কৰা হয়। কিন্তু, ভালকৈ অনুধাৱন কৰিলে এই কথা স্পষ্ট যে যদিও " ধৰ্ম-নিৰপেক্ষ শব্দটি সন্নিৱিষ্ট হোৱা নাছিল, তথাপি ভাৰতৰ সংবিধানৰ প্ৰণেতা বি আৰ আম্বেদকাৰ তথা  সংবিধান সভাই ভাৰতৰ সংবিধানখন ধৰ্ম-নিৰপেক্ষতাৰ অৱলম্বনত প্ৰণয়ন কৰিছে বুলি গণ্য কৰিব পাৰি ; কাৰণ, সংবিধানৰ ২৫ ,২৬,২৭ আৰু ২৮ অনুচ্ছেদ মতে ভাৰতৰ সকলো ধৰ্মাৱলম্বী লোকসকলে নিজৰ নিজৰ ধৰ্ম আৰু ধৰ্মীয় অনুষ্ঠান, ৰীতি-নীতি আৰু উৎসৱ উদযাপন কৰাৰ সম্পূৰ্ণ অধিকাৰ প্ৰদান কৰিছে।
২৫ অনুচ্ছেদ মতে বিবেকৰ অৰ্থাৎ যিকোনো ধৰ্মবিশ্বাসৰ স্বাধীনতাৰ অধিকাৰ, যিকোনো ধৰ্মত দীক্ষিত হোৱা, চৰ্চা কৰা, প্ৰচাৰ কৰাৰ অধিকাৰ প্ৰদান কৰা হৈছে। 
২৬ নং অনুচ্ছেদ মতে, সকলো ধৰ্মাৱলম্বী লোকসকলে তেওঁলোকৰ অধিকাৰ, নৈতিকতা , সু-স্বাস্থ্য আৰু জনসাধাৰণ মাজত সম্পৰ্ক স্থাপন কৰাৰ অধিকাৰ আছে।
২৭ নং অনুচ্ছেদ মতে কোনো বিশেষ ধৰ্মক প্ৰচাৰ বা উন্নতি সাধন কৰিবলৈ চৰকাৰৰ ওচৰত কোনো জবাবদিহি বা কৰ বা বৰঙণি আদায় দিব নেলাগিব।
২৮ নং অনুচ্ছেদ মতে ধৰ্মীয় নিয়মানুৱলী আৰু ধৰ্মীয় উপাসনাবোৰ ধৰ্মীয় শিক্ষানুষ্ঠানত উদযাপন কৰাৰ সম্পূৰ্ণ অধিকাৰ আছে। কিন্তু, ৰাজ্যিক চৰকাৰে বা কেন্দ্ৰীয় চৰকাৰে পৰিচালনা কৰা শিক্ষানুষ্ঠানসমূহত কোনো ধৰ্মীয় অনুষ্ঠান অনুষ্ঠিত কৰাৰ কোনো অধিকাৰ নাই।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)