শৰৎ মানেই পূজাৰ বতৰ। পূজা বুলিলেই ধনী-দুখীয়া সকলোৰে মনত এযোৰ নতুন কাপোৰ পিন্ধাৰ দুৰ্বাৰ হেঁপাহ। কাপোৰ এযোৰ ল’ব পাৰিলেহে যেন পূজাটো সম্পূৰ্ণ হয়, নহ’লে মনৰ কোণত কিবা এটা আধৰুৱা ভাব ৰৈ যায়। গোটেই বছৰটো দোকানত জেলেপী বা নতুন কাপোৰ পোৱা যায় যদিও, পূজাৰ সেই বিশেষ দিনকেইটাত নতুন কাপোৰ পিন্ধি জেলেপী খোৱাৰ যি ছশ— সেয়া যেন বুজাই শেষ কৰিব নোৱাৰি। ঠিক তেনে এক হাবিয়াস জাগিছে কণমানি তৰাৰো।
তৰা আছিল মাক-দেউতাকৰ একমাত্ৰ সন্তান। তাইৰ মাক মামণিক দেউতাক অনিৰ্বাণ চলিহাই ভাল পাই বিয়া কৰিছিল। কিন্তু অনিৰ্বাণৰ আঢ্যৱন্ত পৰিয়ালে এই বিয়া মানি লোৱা নাছিল। পৰিয়ালৰ বৰপুত্ৰ হোৱা সত্ত্বেও দেউতাকৰ অমতত বিয়া পতাৰ বাবে দেউতাকে গাঁৱৰ মানুহ গোটাই অনিৰ্বাণক সম্পত্তিৰ পৰা বঞ্চিত কৰি ঘৰৰ পৰা উলিয়াই দিছিল। নিৰুপায় হৈ অনিৰ্বাণে পত্নীক লৈ সেই গাঁৱৰে বন্ধু পৰাগৰ ঘৰত আশ্ৰয় লৈছিল।
পৰাগৰ ঘৰতে থকাৰ সময়তে অনিৰ্বাণ আৰু মামণিৰ মাজলৈ তৰাৰ আগমন ঘটিল। এদিন বন্ধু পৰাগে অনিৰ্বাণক উদ্দেশ্য কৰি ক’লে— "বন্ধু অনিৰ্বাণ, তই নিজাকৈ ঘৰ এখন সজাৰ কথা নাভাব কিয়? এনেকৈ আৰু মোৰ ঘৰত কিমান দিন আশ্ৰয় লৈ থাকিবি? মই তোক আশ্ৰয় দিব নোৱাৰা হৈ কথাটো কোৱা নাই, তোৰ জীৱনলৈ নতুন আলহী আহিছে। তাই ডাঙৰ হ’লে তাইৰ ঠিকনা মোৰ ঘৰটোৱে হ’ব নেকি? তই মামণিক পলাই অনা নাই, তোৰ শহুৰৰ ঘৰে তোক মানি লৈছে, তথাপিও আজি দুবছৰে তেওঁলোক তোৰ ওচৰলৈ অহা নাই। কাৰণ তোৰ নিজা বুলিবলৈ ঘৰ নাই। যদি তোৰ নিজা এটা ঘৰ থাকে, অভাৱৰ সময়ত তই শহুৰৰ ঘৰৰ পৰাও সহায়ৰ হাত পাব পাৰ।"
অনিৰ্বাণে চকুৰ পানী টুকি ক’লে— "ঘৰ বনাবলৈ মাটি ক’ত পাম পৰাগ? দেউতাই মোক বহিবলৈ এখন চকীও নিদিলে, তেনেস্থলত ঘৰ বনাবলৈ মাটি ক’ত পাম?" পৰাগে সান্ত্বনা দি ক’লে— "তই সেইবোৰ ভাবিব নালাগে। তোৰ বন্ধু পৰাগ এতিয়াও জীয়াই আছে। মোৰ বাৰীৰ মূৰৰ জঙ্গলখিনি চাফা কৰি তই ঘৰ এটা সাজ। মোৰ সেই দহজোপা তামোলতকৈ তোৰ জীৱনটো মোৰ বাবে বেছি মূল্যবান। তই চাফা কৰিবলৈ আৰম্ভ কৰ, মই আছোঁ নহয়।"
গাঁৱৰ মানুহৰ সহায়ত আৰু পৰাগৰ তৎপৰতাত এমাহৰ ভিতৰত অনিৰ্বাণৰ এটি ঘৰ সাজু হ’ল। কিন্তু নতুন ঘৰত সোমোৱাৰ পিছত অনিৰ্বাণৰ জীৱনলৈ যেন দুখে কুলাই-পাচিয়ে নধৰা হ’ল। দিনটো হাজিৰা কৰি যি উপাৰ্জন কৰে, সেয়া ঘৰ পাওঁতে খৰচ হৈ যায়। তৰাৰ অসুখ-বিসুখেও নেৰা হ’ল। এই সমস্যাবোৰৰ সৈতে যুঁজিব নোৱাৰি অনিৰ্বাণে মদৰ আশ্ৰয় ল’লে। তথাকথিত বন্ধুৰ কথাত পতিয়ন গৈ তেওঁ ভাবিবলৈ ধৰিলে যে মামণিক বিয়া কৰোৱাৰ বাবেই আজি তেওঁৰ এই দুৰ্দশা। যিজন অনিৰ্বাণে মামণিক নোহোৱাকৈ এক মুহূৰ্তও থাকিব নোৱাৰিছিল, সেইজন অনিৰ্বাণেই মদৰ জালত পত্নীৰ গাত হাত তোলা হ’ল।
অভাৱৰ জ্বালাত মামণিয়ে নিজৰ বিয়াৰ কাপোৰ, গহনা, কাঁহী-বাতি সকলো এপদ এপদকৈ বন্ধকত থৈ তৰাক ডাঙৰ কৰিলে। বহু বছৰৰ মূৰত মামণিৰ দেউতাক জয়ন্ত জীয়ৰীৰ ঘৰলৈ আহিল। ঘৰৰ দুৰৱস্থা আৰু জীয়ৰীৰ শুকাই যোৱা মুখখন দেখি পিতৃ জয়ন্তই কান্দি পেলালে। মামণিয়ে দুখেৰে ক’লে— "দেউতা, এখেতক একো কথা ক’বই নোৱাৰোঁ। ক’লেই মোক কাটিবলৈ খেদি আহে। ভূতৰ কথা ক’লে ওলোটাই কয় ময়েই হেনো তেওঁৰ বাবে ভূতিনি। তৰাক ভোকৰ জালত শাহুমাৰ ওচৰলৈ পঠিয়ালে তেওঁলোকেও একো নিদিয়ে।" দেউতাকে অসহায় হৈ যাবৰ সময়ত ১০০০ টকা দি ক’লে— "তই চিন্তা নকৰিবি আই, এতিয়াৰ পৰা মই তোৰ ভাইটিৰ হাতত সপ্তাহে সপ্তাহে বজাৰৰ ৰচদ পঠিয়াই থাকিম।"
এনেকৈয়ে দিন বাগৰিল। তৰা এতিয়া ১২ বছৰীয়া মৰম লগা এজনী ছোৱালী হ’ল। তৰাৰ মোমায়েকে প্ৰতি দেওবাৰে চাউল-দাইল আৰু তৰাৰ বাবে এটা মিঠাইৰ টোপোলা লৈ আহে। তৰায়ো সেইদিনা পদূলি মুখত বাট চাই থাকে। এতিয়া পূজাৰ বতৰ। লগৰীয়া বোৰে নতুন কাপোৰ লোৱা দেখি তৰাই মাকক সুধিলে— "মা, আজি ৰবিবাৰ, মামা আহিবনে? মোৰ বাবে কিজানি পূজাৰ কাপোৰ লৈ আহিব!" মাকে ক’লে— "মামাৰ হাতত পইচা থাকিলেহে আনিব, তই খুজি আমনি নকৰিবি।" তৰাই উত্তৰ দিলে— "বুজি পাওঁ মা। কাপোৰ নাপালেও হ’ব, তুমি মাত্ৰ ২০ টকা দিবা। ৫ টকাৰ কিবা খাম, ৫ টকাৰ বেলুন ল’ম আৰু বাকী ১০ টকা দুৰ্গা মাক দি সেৱা কৰি সুধিম— কিয় আমাক ইমান দুখ দিছে? আমাক কি ভুলৰ শাস্তি দিছে?"
এনেতে মোমায়েক আহি পালে আৰু তৰাৰ বাবে এটা ধুনীয়া ফ্ৰক দিলে। তৰাই আনন্দতে ফ্ৰকটো পিন্ধি চাবলৈ যাওঁতেই পদূলিত দেউতাকক দেখিলে। আজি কিন্তু দেউতাক মদৰ নিচাত নাই। হাতত দুটা পলিথিনৰ টোপোলা। দেউতাকে ক’লে— "আই, মোমায়েৰেও কাপোৰ আনিছে নেকি? ময়ো তোৰ বাবে এযোৰ কাপোৰ আৰু জেলেপী আনিছোঁ। যা, ভিতৰলৈ লৈ যা।" দেউতাকে মামণিক ভাত খুৱাই মোমায়েকক পঠিয়াবলৈ কৈ থৈ আকৌ ওলাই গ’ল।
তৰাই লুকুৱাই থোৱা দেউতাকৰ টোপোলাটো মাকক দেখুৱালে। জেলেপী আৰু কাপোৰ দেখি মামণিৰ চকুলো নিগৰি আহিল। তৰাই ধেমালি কৰি ক’লে— "মা, তুমি মোৰ দৰে কান্দিছা যে? ৰবা দেউতা আহিলে মই তোমাকো কাপোৰ লাগে বুলি কৈ দিম।" পদূলিৰ পৰাই অনিৰ্বাণে মাত লগালে— "নালাগে ক’ব, মই তোমালৈও আনিছোঁ।"
অনিৰ্বাণে মামণিৰ হাতত এখন নতুন কাপোৰ তুলি দি অনুশোচনাৰে ক’লে— "মোক ক্ষমা কৰি দিয়া মামণি। আজিৰ পৰা মই আৰু মদ নাখাওঁ। ইমান দিনে তোমাক বহুত কষ্ট দিলোঁ। মই গুৱাহাটীত এটা কাম পাইছোঁ। পূজাৰ পিছতে আমি তিনিও তালৈ যাম। তৰাক পঢ়ুৱাই ডাঙৰ মানুহ কৰিব লাগিব আৰু বন্ধকত থোৱা বস্তুবোৰ এপদ এপদকৈ মোকোলাই আনিব লাগিব।"
অনিৰ্বাণৰ মৰমৰ পৰশত মামণিয়ে তেওঁক সাৱটি ধৰি হুকহুকাই কান্দি উঠিল। তৰাৰ চকুৰ আগত এয়া যেন আছিল এক নতুন জীৱনৰ আৰম্ভণি। শৰতৰ এই পূজাৰ বতৰত সিহঁতৰ আধৰুৱা সংসাৰখনত আশাৰ এসোঁতা উজ্জ্বল পোহৰ বিৰিঙি উঠিল।

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ