সংস্কাৰ আৰু লালন-পালনৰ ভূমিকা-জয়াশ্ৰী মহন্ত বৰুৱা

Rinku Rajowar
0
মানুহৰ জীৱনত সংস্কাৰৰ এক বিশেষ স্থান আছে। সংস্কাৰ শব্দটোত নৈতিকতা, আদৰ্শ, আচৰণ আৰু মূল্যবোধৰ এক পবিত্ৰ সংমিশ্ৰণ লুকাই থাকে। এইবোৰে এজন ব্যক্তিৰ চিন্তাধাৰা, ব্যৱহাৰ আৰু সমাজৰ প্ৰতি দৃষ্টিভংগীক গঢ়ি তোলে। যি ব্যক্তিৰ ভাল সংস্কাৰ থাকে, তেওঁৰ আচৰণে সদায় সকলোৱে মৰম কৰিব পৰা ব্যক্তিত্ব গঢ়ি তোলে।
সংস্কাৰৰ মুল আধাৰ হৈছে ঘৰ তথা পৰিয়াল। এটি শিশু যেতিয়া জন্ম গ্ৰহণ কৰে, তেওঁ এক পাত্ৰৰ দৰে থাকে—যেনেকৈ গঢ়  দিয়া হ’ব, তেনে গঢ়ি উঠিব। মাতৃ-, পিতৃ-ভাই, সমাজ-বন্ধুবৰ্গ, সকলোৰে ভূমিকা থাকে লালন-পালনত।

লালন-পালন মানে কেৱল খুৱাই-পিন্ধাই থোৱাই নহয়, বৰং শুদ্ধ চিন্তা, সৎপথত চলা, আনক সহানুভূতি দেখুওৱা আদিৰ জ্ঞান দি মানুহৰ দৰে মানুহ গঢ়ি তোলা।
আধুনিক যুগত প্রযুক্তি আৰু বেছিকৈ ব্যস্ততাৰ মাজতো, অভিভাৱকসকলে যদি সন্তানক সঠিক দিশ দেখুৱাই দিয়ে, তেওঁলোকোৰো ভাল সংস্কাৰে গঢ়ি উঠিব। এই সংস্কাৰেই সমাজৰ ভিতৰত তেওঁলোকক চিনাকি দিব আৰু তাৰ পৰা মানুহে বুজি পাব—তেওঁলোকৰ লালন-পালন কিমান সুন্দৰ আৰু গঢ়মূলক।
সংস্কাৰ হ'ল এজন ব্যক্তিৰ জীয়াকৈ থকা জীৱন্ত চিহ্ন। সেইবোৰে তেওঁ কোন পৰিয়ালৰ, কেনেকৈ গঢ়ি উঠিছে, কি ধৰণৰ সমাজত ডাঙৰ হৈছে—সেইবোৰ স্পষ্টকৈ প্ৰকাশ কৰে। সেইবাবে, ভাল লালন-পালন আৰু সু-সংস্কাৰেই এটা উত্তম সমাজ আৰু উন্নত দেশ গঢ়াৰ মূল আধাৰ।                                                                                                    

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)