পুৰি ছাঁই হ’ল সপোনৰ ঘৰ-দুৱাৰ;
মানৱতা আজি ধূলিস্যাৎ হ’ল,
চাৰিওফালে মাথো হাহাকাৰ।
আশ্ৰয় শিবিৰৰ তিৰ্পালৰ তলত
চাৰিশৰো অধিক উশাহৰ কঁপনি,
শীতৰ নিশাৰ নিৰ্দয় প্ৰহাৰত
কান্দি উঠিছে ভোকাতুৰ কণমানি।
হাতত একোৱেই নাই,
মোনাৰ আলুকেইটাই এতিয়া শেষ ভৰসা,
মাকৰ চকুত অশ্ৰুৰ নদী
বুকুত উমি উমি জ্বলে একুৰা নিৰাশা।
কি বুজিলে জানো সেই কণমানি ছোৱালীজনীয়ে—
মাকৰ ফালে আগবঢ়াইছে সহায়ৰ হাত,
এয়াই চাগে জীয়াই থকাৰ সাহস,
দুৰ্যোগৰ মাজতো এক মিঠা পৰশ ।
কি ভুল আছিল সেই কণমানিজনীৰ?
কি দোষ আছিল সেই বৃদ্ধ মাতৃৰ?
জলাই কি পালা নিৰীহৰ পঁজা?
উত্তৰ দিবনে সেই দানৱী শক্তিৰ?
হাঁহি-কিৰিলি পাৰি উলাহ কৰাসকল,
কোনে দিব এই নিষ্ঠুৰতাৰ উত্তৰ?
আৰু কিমান দিন জাতি-ধৰ্মৰ নামত
ৰাঙলী হ’ব বুকু আমাৰ আপোন দেশৰ?
অসমৰ বৰভেটি কোনে গঢ়িব?
যদিহে চিতা জ্বলে ভাতৃ-প্ৰেমৰ—
আজি যে বিপন্ন হেজাৰজনৰ মানৱতা,
হেৰাইছে ঠিকনা আপোন ঘৰৰ।

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ