মনৰ আকাশ খন-হীৰক জ্যোতি দাস

Rinku Rajowar
0
অকনমান জোনাক লাগিছিল 
অশান্ত হৃদয় খনক আশ্ৰয় দিয়া 
জোনাকৰ সেই চকামকা পোহৰ লাগিছিল।
মনৰ আকাশখনত 
অশান্ত ভয়ানক বিজুলী ঢেৰেকনীয়ে
ছানি ধৰিছে।
ঢেৰেকনী বিহীন এজাক দবাপিতা বৰষুণ লাগিছিল।
য'ত তিতি নিজক হেৰুৱায় পেলাব পাৰোঁ।
আবেলি পৰত বেলিটিয়ে মন আকাশত সৃষ্টি কৰা 
নানা ৰঙী কেনভাচ খন লাগিছিল।
কিজানি সেই নানা ৰঙৰ মাজত নিজৰ প্ৰিয় ৰঙটিৰ প্ৰতিচ্ছবি  বিচাৰি পাওঁ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)