বৰ্বৰতাৰ পাঠ ইহঁতে ক'ৰপৰা শিকিলে?
দেউতাইতো তোমাৰ কণমানি আঙুলিত ধৰি
খোজ কাঢ়িবলৈ শিকাইছিল
চিলা উৰাবলৈ শিকাইছিল
বৰশী বাবলৈ শিকাইছিল।
পঢ়াশালিত আচাৰ্য্যই আঙুলিৰে
পেঞ্চিল ধৰিবলৈ শিকাইছিল
ছবি আঁকিবলৈ শিকাইছিল
এটা আম, পখিলা, কিম্বা এপাহ ফুল
আঙুলিৰে কলম ধৰিবলৈ শিকাইছিল আচাৰ্য্যই
লিখিবলৈ শিকাইছিল ৰচনা
'তোমাৰ জীৱনৰ লক্ষ্য'।
কি নিদ্ধাৰণ কৰিছিলা জীৱন লক্ষ্য?
নৃশংসতা?
আঙুলিবোৰেৰে তুমি বন্দুকৰ টিগাৰ টিপিলা
আঙুলিৰে আঁতৰাই পেলালা বুকুৰ আঁচল
শৰীৰ এটা আঙুলিৰে চিৰি পেলালা
তুমি ছাগলী কেইটাৰ খাদ্যত বিহ মিহলাই দিলা
তুমি তোমাৰ আঙুলিৰে গছবোৰত জুই লগাই দিলা
পুৰি পেলালা সেউজ মানুহজনৰ বুকুৰ সেউজীয়া
তুমি চুৰি তুলি ল'লা আঙুলিৰে
ক'ত ক'ত সোমোৱাই দিলা তাৰ শৰীৰৰ , ক'ত ?
ডিঙি, পেট, বুকু, পিঠি, ক'ত?
তোমাৰ আঙুলিবোৰ কিঞ্চিত নকপিল।
যিকেইটা আঙুলিয়ে তোমাৰ মানৱতাৰ আৱৰণ খুলি
নিলগাই ৰাখিলে সিহঁতক,
সিহঁতক তুমি কাটি পেলোৱা।
সিহঁতক কবৰ দিয়া নতুবা জ্বলাই পেলোৱা।

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ