এইখনেই সংসাৰ•দিপজ্যোতি কমল মহন্ত

Rinku Rajowar
0
এইখনেই সংসাৰ—
য’ত সুখ-দুখে একেলগে বাস কৰে,
আজিৰ প্ৰহৰ হাস্যমুখৰ,
কাইলৈ সেই একে পথতেই অশ্ৰুধাৰা।
চিন্তাৰ ভাৰ বুকুত নোলোৱাঁ,
নিৰ্বাক দৃঢ়তাৰে নিজৰ কৰ্মত অটল থাকাঁ,
কাৰণ সত্যৰ পথ সদায়
প্ৰশংসাত সজ্জিত নহয়।
ইয়াত নিন্দা আহে—
কাৰণ তুমি মাথোঁ সোজা আছিলাঁ,
ইয়াত প্ৰশংসাও আহে—
কাৰণ তুমি ভাঙি নপৰি থিয় হৈ থাকিলাঁ।
সংসাৰ কেতিয়াবা অন্যায়ৰ পক্ষ লয়,
কেতিয়াবা নিৰ্দোষকেই দোষী সাব্যস্ত কৰে,
তথাপিও সময়ৰ বিচাৰ
সৰ্বশেষ সত্য প্ৰকাশ কৰে।
নিজ কৰ্মৰ আলোকৰেখা
অবিৰত প্ৰজ্বালিত কৰি ৰাখাঁ,
অন্যৰ অন্ধকাৰত নিজকে
ম্লান হ’বলৈ নিদিবা।
লোকবাক্যৰ সোঁতত উটি নাযাবা,
নিজ বিশ্বাস শিলাস্তম্ভৰ দৰে দৃঢ় কৰাঁ,
কাৰণ সোঁত সলনি হয়,
কিন্তু স্তম্ভই পথ নিৰ্দেশ কৰে।
এইখনেই সংসাৰ—
ইয়াত পৰাজয় মানেই অন্ত নহয়,
আৰু বিজয় মানেই গৌৰৱৰ শেষ সীমা নহয়,
ই মাথোঁ জীৱনৰ নিৰন্তৰ যাত্ৰা।
সেয়ে, হে পথিক,
মনভঙ্গ নকৰিবা,
নিশ্বাস থকাৰ ক্ষণলৈকে
নিজ কৰ্মপথত অগ্ৰসৰ হ’বা।
নিন্দা আৰু প্ৰশংসা—
দুয়োটাই সময়ৰ সোঁতত মিলি যাব,
কিন্তু তোমাৰ কৰ্মই
চিৰদিন তোমাৰ পৰিচয় হৈ থাকিব।।


দিপজ্যোতি কমল মহন্ত, শৰণাচাৰ্য 
শ্ৰী শ্ৰী বিষ্ণু সত্ৰ ধেমাজি 
ঠিকনাঃ বৰবাম গোহাঁই গাওঁ, মাছখোৱা 
জিলাঃ ধেমাজি 
ফোন নংঃ 9864348972

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)