ৰাস্তাটোৰ কাষে কাষে চাৰিওফালে সেউজীয়া চাহগছৰ লানি নিছিগা শাৰী।ওপৰলৈ পাহাৰৰ দৰে আগবাঢ়ি গৈ আছে।চাহবাগানৰ মাজে মাজে বিভিন্নজনে পৰিয়ালৰ সৈতে আহি ফটো উঠি আছে।অনুৰাগ আৰু মণিষা চাহগছৰ মাজে মাজে খোজকাঢ়ি গৈ আছে।
তোমাৰ হাতখন দিয়াছোন।
কিয়?প্ৰশ্ন নকৰিবা দিয়া হাতখন।
দিওঁ নিদিওঁকৈ মণিষাই অনুৰাগলৈ তাইৰ হাতখন আগবঢ়াই দিলে।অনুৰাগে পকেটৰ পৰা আইফোনটো উলিয়াই তাইৰ হাতখন ধৰি থকা এটা ৰিলছ বনালে।অ সেইটো কথা।এতিয়া বুজিলাটো।উমম,,বাধ্য ছোৱালীৰ দৰে মণিষাই ক’লে।
—ঠাইখিনি বৰ ধুনীয়া।
—সেয়েটো তোমাক ইয়ালৈ লৈ আহিছো।
—কেৱল ইয়াত "তুমি আৰু মই"।
পৰিৱেশটো ভাল লাগিছে,ইয়াতে থাকিব মন গৈছে।সন্ধিয়া হাতী আৰু বনৰীয়া জীৱ জন্তু ওলায়।গতিকে সন্ধিয়া হোৱাৰ আগতে ইয়াৰ পৰা ওলাব লাগিব।তুমি যদি থাকিব বিছাৰা থাকিবা।ধেইৎ,কি যে কথাবোৰ কোৱা।মুখৰ আগত হাতী এটা ওলালে কি কৰিম কোৱা?
তোমাক ইয়াতে এৰি থৈ মই পলাম।
হুহ।সেয়াই তোমাৰ ভালপোৱা।
আৰে সচাঁ কথাটো কৈছো,বচাবতো নোৱাৰোঁ ন’,নিজে বাচিবলৈতো যত্ন কৰিম!
ব’লা সোনকালে যাওঁ ইয়াৰ পৰা।উমম ব’লা।দুয়ো পাহাৰৰ একাঁ বেকা ৰাস্তাৰ মাজে মাজে গুণগুণাই লাহে লাহে বাইক চলাই গৈ থাকিল।কিছুদূৰ যোৱাৰ পিছত হঠাৎ ৰাস্তাৰ কাষত থকা ঘন জংঘলৰ মাজৰ পৰা এটা বনৰীয়া হাতী দৌৰি ওলাই আহিল।এটা নিৰ্দিষ্ট গতিত বাইক চলাই আহি থকা অনুৰাগে ভয়তে বাইকখন ৰখাই পিছলৈ লৈ গ’ল।দুয়োটাৰ ভয়তে অণ্ঠ কণ্ঠ শুকাই গ’ল। হাতীটোৱে কিছু দূৰ সিঁহতক চোঁচা লৈ আহিল।অনুৰাগে যিমান পাৰে বাইকখনৰ গতি বঢ়াই পিছলৈ লৈ গৈ থাকিল।মণিষাই অনুৰাগক সাৱটি উচুপি উঠিল।তাৰপিছত হাতীটো সন্মুখত থকা হাবিখনৰ মাজলৈ লাহে লাহে সোমাই গ’ল।গোটেই ঘটনাটোত অনুৰাগ আৰু মণিষা কিছুসময় স্তব্ধ হৈ ৰ’ল।যিমান বেগেৰে পাৰে অনুৰাগে বাইকৰ গতি বঢ়াই দিলে আৰু আগবাঢ়ি গৈ থাকিল।মণিষাই খুব জোৰেৰে অনুৰাগক ধৰি ল’লে ভয় আৰু শংকাত।গোটেই ৰাস্তাটোত কাৰোৰে মুখত মাত নাই।
মেইন ৰ’ড পোৱাৰ পিছত অনুৰাগে বাইকখন ৰখাই ক’লে,সাংঘাটিক ভয় খালো দেই।ব’লা সেইখন ধাবা কিবা এটা খাই লওঁ।
মোৰ একো মন যোৱা নাই খাবলৈ।মোক ঘৰত থৈ আহা।একো নহয় আৰু এতিয়া,ব’লা কিবা এটা খাই ল’বা।কিমান আৰু ভয় খাবা?অনুৰাগে জোৰ কৰি মণিষাক হাতত ধৰি ধাবাখনৰ ফালে আগুৱাই লৈ গ’ল।
ধাবাখনত গৈ দুয়ো বহিল।
—কি খাবা কোৱা?
—একো নাখাওঁ।
অনুৰাগে মেনুখন চাই দুইপ্লেট ৰুটি মাংসৰ অৰ্ডাৰ দিলে।খোৱাৰ শেষত দুয়ো ধাবাখনৰ পৰা ওলাই আহিল বাইকখনৰ কাষলৈ।অনুৰাগে যিমান জোৰেৰে পাৰে বাইকৰ স্পীড বঢ়াই দিলে।
—অলপতো লাহে লাহে চলোৱা।
—তুমি মোক সাহস হে দিব লাগে।
নালাগেছোন ইমান সন্ধিয়া জোৰেৰে চলাব।তাতে বৰষুণো দিছে।
বাৰু তুমি কৈছা যেতিয়া লাহে লাহেই যাওঁ! অৱশেষত কিনকিনীয়া বৰষুণৰ মাজে মাজে দুয়ো প্ৰেমৰ বৰষুণত ভিজি ভিজি গৈ থাকিল।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ