জুবিন - ইমান সহজ উচ্চাৰণ যুক্ত নাম , যি নাম শুনিলেই মাত্ৰ প্ৰতিগৰাকী অসমীয়াৰ মন শিহৰিত হৈ উঠে। ইয়াত আমি জুবিন গাৰ্গৰ দৰে এক বিশাল সত্ত্বাক কেৱল অসম প্ৰান্তলৈকে সীমিত কৰিব বিচৰা নাই। কিয়নো জুবিন দা এজন বিশ্ব প্ৰসিদ্ধ শিল্পী।
জুবিন গাৰ্গে নিৰ্মাণ কৰা এই সাংগীতিক যাত্ৰাটোৰ সাক্ষী হৈছে আমাৰ দৰে কেইবাটাও প্ৰজন্ম। জুবিন দাৰ গীতত সকলোৱে কিবা নহয় কিবা এটা উদ্দেশ্য বিচাৰি পায়। ক'ৰবাত নিজক বিচাৰি পায়, ক'ৰবাত প্ৰকৃতিক বিচাৰি লয়, ক'ৰবাত বেদনা, ক'ৰবাত ৰোমান্টিচিজিম ,ও ক'ৰবাত ভক্তি-আধ্যাত্মক বিচাৰি পায়।অথচ জুবিন যুগৰ পট-কথাত এক বৰ্ণিল ইতিহাস আমাৰ ভৱিষ্যত প্ৰজন্ম্ই পঢ়িবলৈ পাব ।
জুবিন দাই নিজে গীতিকাৰ হিচাপে লিখা গীতসমূহৰ অধিকাংশ গীততেই জুবিন নামৰ সত্ত্বাটোৱে নিজৰ বুকুত বান্ধি লৈ ফুৰা অজস্ৰ কথা, বৌদ্ধিকতা , জ্ঞানস্পৃহা , দাৰ্শনিকতা ,শিশুসুলভতা আদি গুণ পৰিলক্ষিত হয়।
প্ৰতিটো গানেই ,প্ৰতিটো সুৰতেই নিজস্বতা আৰু এক আত্মিকতা বিচাৰি পোৱা প্ৰজন্মবোৰেই নিজকে জুবিন যুগৰ মানুহ বুলি সগৌৰৱে কয়।য'ত য'ত জুবিন দাৰ হাতৰ পৰশ ,সুৰীয়া কণ্ঠৰ অৱদান আছে, সেই প্ৰতিটো সৃষ্টিয়েই যুগ যুগলৈ খ্যাতি অৰ্জন কৰিব পাৰিছে। তেওঁ এবাৰ এটা টেলিভিছন চেনেলৰ সাক্ষাৎকাৰত নিজেই ব্যক্ত কৰিছিল যে, মই মৃত্যু পৰ্যন্ত এনেকুৱা কাম কৰি থৈ যাম ,যি অনাগত এশ বছৰলৈ অক্ষত হৈ ৰ'ব।
মই কৈছোঁ ,সেইয়া যুগ যুগান্তৰলৈ থাকিব। জুবিন গাৰ্গেই অসমীয়া গীতক এক নতুন সংজ্ঞা প্ৰদান কৰিলে,তাত কোনো সন্দেহ নাই। শ্ৰোতাৰ কাণত বাজি ৰ'ব সেই সুললিত ,সুৱদী কণ্ঠ।

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ