মোৰ স্বপ্নৰ দ্বীপ - দুলজিৎ দাস

 protibha phukon
0
জোনাক মোৰ 
সুপ্ত হৃদয় য'ত,
তুমি মোৰ কুটুম হৈ 
ৰবানে কোৱা।
নিৰ জীৱন মোৰ 
নিৰ্জন আকাশৰ 
তৰা হৈ জিলিকিবা নে কোৱা।
তোমাতে জীয়ালো 
বীৰুধৰ নিচিনা 
হ'বানে প্ৰেমৰ বসন্তী তুমি!
অনাদৃত মই এতিয়াৰ পৃথিৱীত 
উজাগৰে মই আছিলোঁ জানানে।
তুমি পুৱতি বুলি,
নিয়ৰ হৈ নাহিলা।
নাহিলা ৰ'দ হৈ ,
নালাগে কুলিশ হৈ আহিব তুমি 
বিমুগ্ধ হৃদয় খন তোমাৰ আশাতে,
আছিল ফুল হৈ ফুলি।
আহিবা ভোমোৰা ,পখিলা হৈ 
ফুলনীৰ অমিয়াবোৰ নিবলৈ,
আহিবা ৰৈ থাকিম সুৰভি হৈ ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)