তুমি মোৰ আছিলা।
মই বুজি নোপোৱালৈকে
এই স্বাথপৰ পৃথিৱীত,
সুখী আছিলোঁ।
মোৰ মূৰত এখন মৰমৰ হাত আছিল,
প্ৰেম আৰু আবেগেৰে বন্ধা।
মই নজনালৈকে,
কস্তুৰীৰ মৃগৰ দৰে
হৃদয়তে ৰাখিছিলোঁ লুকুৱাই।
তথাপিও তাৰ সুৱাস
বিয়পি পৰিছিল,
বহুতৰ মাজত।
মোৰ জিভাৰ কোনত
মোৰ গুলপীয়া ওঠৰ পানীৰে,
ধোৱাইছিলোঁ।তথাপিও!
নিকা নহল চোন।
মৰমৰ মাজত
শেলুৱৈৰ ধৰিছিল,
মই নজনাকৈ।
যেতিয়া লৈকে মই জনা নাছিলোঁ
মোৰ হাত শেলুৱৈৰ মাজত,
মোৰ হাতেই হাত হৈ আছিল।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ