লৃগাঙৰ দিনা ৰাজ্যিক বন্ধৰ দাবী - জেৰী পেগু

 protibha phukon
0
সন্ধিয়া ব্ৰহ্মপুত্ৰৰ কাষৰ এখন সৰু মিচিং গাঁৱত ৰোৱাদ নামৰ এজন যুৱক চাংঘৰত বহি আছিল। হাতত এখন পুৰণি মিবু গালুক, মনত অশান্ত। কাইলৈ ফাগুনৰ প্ৰথম বুধবাৰ—আলিঃ আঃয়ে লৃগাঙৰ দিন। গাঁৱৰ পথাৰত আহুধানৰ গুটি সিঁচাৰ উৎসৱ, গুমৰাগ নৃত্য, পুৰাং আপিন আৰু ঐনিতমৰ মধুৰ সুৰ—সকলোৱে মিলি উলহ-মালহেৰে পালন কৰিব। কিন্তু ৰোৱাদৰ মনত দুখ জাপি পৰিছে।সি গুৱাহাটীৰ এটা চৰকাৰী কাৰ্যালয়ত কাম কৰে। কাইলৈও অফিচ খোলা থাকিব। মাত্ৰ এঘাৰটা জিলাতহে ৰাজ্য চৰকাৰে বন্ধ ঘোষণা কৰিছে। বাকী ঠাইত সকলোৱে কামলৈ যাব লাগিব। ৰোৱাদৰ গাঁও মাজুলীৰ ওচৰত, কিন্তু তেওঁৰ কাৰ্যালয় গুৱাহাটীত। তেওঁৰ পূৰ্বপুৰুষ সকলৰ দিনৰ পৰা এই উৎসৱ পালন কৰি আহিছে, কিন্তু প্ৰতিবছৰে এই একেটা প্ৰশ্ন উঠে—কিয় পূৰ্ণ ৰাজ্যিক বন্ধ নহয়?
সন্ধিয়া গাঁৱৰ পথত ৰোৱাদে লগ পালে বৰদাদা কম্লেশ্বৰক।কি হ’ল ৰোৱাদ? মুখখনৰ বৰণ শুকান কিয়? বৰদাদাই সুধিলে।
ৰোৱাদে মূৰ তুলি ক’লে,বৰদাদা, কাইলৈ লৃগাং। মই গুৱাহাটীত থাকিব লাগিব। অফিচ খোলা। আমাৰ উৎসৱ, আমাৰ পূৰ্বপুৰুষৰ পৰা চলি অহা এই দিনটো।কিন্তু চৰকাৰে মাত্ৰ এঘাৰখন জিলাতহে বন্ধ দিছে। বাকী ঠাইৰ মিচিংসকলে কেনেকৈ উদযাপন কৰিব?”
বৰদাদাই এটা দীঘলীয়া শ্বাস এৰি ক’লে, “আমি দ্বিতীয় বৃহত্তম জনগোষ্ঠী।" ব্ৰহ্মপুত্ৰৰ বুকুত বাস কৰোঁ। আমাৰ খেতিৰ আৰম্ভণিৰ এই উৎসৱ কেৱল আমাৰ বাবেই নহয়, সমগ্ৰ অসমৰ কৃষকৰ বাবে শুভকামনাৰ দিন। তথাপিও আমাৰ আনন্দক স্বীকৃতি দিবলৈ চৰকাৰৰ মন নাই। কিন্তু ৰোৱাদ,"আমি হাৰ নামানো।”ৰাতি গাঁৱৰ যুৱক-যুৱতীসকলে মিলি গুমৰাগৰ প্ৰস্তুতি চলাই আছিল। ঢোল-তালৰ শব্দত গাঁওখন জাগি উঠিছে। ৰোৱাদো গৈ জড়িত হ’ল। নাচিবলৈ উঠোঁতে তাৰ মনত এটা সিদ্ধান্ত জন্মিল।পিছদিনা পুৱা ৰোৱাদে এখন চিঠি লিখিলে সন্মান সহকাৰে—মুখ্যমন্ত্ৰীলৈ। চিঠিখনত লিখিলে;আমাৰ আলিঃ আঃয়ে লৃগাং কেৱল এটি উৎসৱ নহয়, ই আমাৰ পৰিচয়, আমাৰ সংস্কৃতি, আমাৰ কৃষিৰ প্ৰাণ। যেতিয়ালৈকে সমগ্ৰ অসমতে ৰাজ্যিক বন্ধ নহয়, তেতিয়ালৈকে আমাৰ হাজাৰ হাজাৰ যুৱকে নিজৰ উৎসৱৰ পৰা বঞ্চিত হৈ থাকিব। আমি বিচাৰোঁ—এই দিনটো সমগ্ৰ ৰাজ্যতে স্বীকৃতি পাওক।চিঠিখন লৈ সি গাঁৱৰ মূৰব্বীসকলৰ ওচৰলৈ গ’ল। সকলোৱে মিলি স্বাক্ষৰ কৰিলে। গাঁৱৰ পৰা আৰম্ভ হোৱা এই সৰু দাবীয়ে লাহে লাহে নদীৰ দৰে বিয়পি পৰিল—জিলাৰ পৰা জিলালৈ, মিচিং যুৱক-যুৱতীৰ মাজত।সেইবাৰৰ লৃগাঙত ৰোৱাদ অফিচলৈ নগ’ল। সি গাঁৱতে থাকিল। পথাৰত বীজ সিঁচাৰ সময়ত হাতত মাটি লৈ প্ৰাৰ্থনা কৰোঁতে মনে মনে ক’লে,“এদিন নিশ্চয় আমাৰ দাবী পূৰণ হ’ব। সমগ্ৰ অসমে জানিব—আলিঃ আঃয়ে লৃগাং কেৱল মিচিংৰ নহয়, ই অসমৰে এটা অংগ।”আৰু সেইদিনা গোটেই গাঁৱে গাই উঠিল—“ফাগুনত আহিবা লৃগাং চাবলৈ, 
ৰঙা ৰিবি গাচেং গাতে ল’বলৈ।" 
দাবীটো জীয়াই আছে। আৰু ই জীয়াই থাকিব—যেতিয়ালৈকে পূৰ্ণ স্বীকৃতি নাপায়।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)