মোক হত্যা কৰা হৈছে - জুৰিস্মিতা দেৱী

 protibha phukon
0
মই গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ আছিলো । এদিন পৰীক্ষা শেষ হোৱাৰ পাছত শৰাইঘাটৰ দলঙৰ ফালে ফুৰিব ওলাই আহিছিলো । দলঙৰ ঠিক কাষতেএজনী ছোৱালী বহি আছিল । তেতিয়া প্ৰায় সন্ধিয়া হৈছে। মই ছোৱালীজনীৰ ফালে আগবাঢ়ি গ'লো গৈ দেখিলোঁ তাই এজনী ধুনীয়া ছোৱালী চিনাকি হোৱাৰ চলেৰে মাত লগালোঁ। তুমি মালবিকা নহয় নে ?
তাই ক'লে - নাই মোৰ নাম প্ৰিয়াহে হয় আপোনাৰ কিবা ভুল হ'ল চাগৈ ।
--ও sorry বেয়া নাপাবা । আচলতে মই তোমাক আজি প্ৰথম দেখিছোঁ । চিনাকি হ'বৰ মন আছিল সেয়েহে বাহানা এটা বনালোঁ ।
মোৰ কথা শুনি তাই হাঁহি দিলে । কিছু সময় নিৰৱে থকাৰ পাছত মোক সুধিলে 
--আপুনি গুৱাহাটীত কি কৰে ।
-মই বিশ্ববিদ্যালয়ত পঢ়ি আছোঁ।
--ওম্ —তোমাৰ ঘৰ ক'ত । — ইয়াতে,মানে গুৱাহাটীতে।
--- তুমি ইয়ালৈ সদায় আহা নেকি ?
 --- হয়, প্ৰায় আহোঁৱেই আবেলিটো ব্ৰহ্মপুত্ৰৰ বুকুত নিজকে বিলীন কৰোঁ । 
এনেকৈ কিমান সময় তাইৰ সৈতে কথা পাতিলোঁ হিচাপ নাই । অনুমান কৰি চালোঁ প্ৰায় দুইঘন্টাৰো বেছি হ'ল। আকাশত তৰাবোৰে নাচি আছে । ব্ৰহ্মপুত্ৰৰ পানীত তৰাবোৰৰ প্ৰতিবিম্ব দেখা গৈছে । তাইক তাত এৰি অহাৰ ইচ্ছা নাছিল কিন্তু এইফালে বিশ্ববিদ্যালয়ৰ হোষ্টেল বন্ধ কৰি দিব । তাইক মাত লগাই গুছি আহিলোঁ । এনেকৈ তাইৰ সৈতে বহুত দিন কথা পাতিলোঁ । বিশ্ববিদ্যালয় যিদিনা বন্ধ থাকে সেইদিনা তাইৰ লগত পাৰ্কত যাওঁ । এনেদৰে আমি ইটোৱে সিটোৰ প্ৰেমত পৰি গ'লো । মোৰ জীৱনৰ সকলো কথা তাইক কওঁ কিন্তু তাইৰ জীৱনৰ কথা সুধিলে মোক একো নকয় । মোক তাই কিয় একো নকয়, নে তাই মোৰ পৰা কিবা কথা লুকুৱাইছে । মনত নানা প্ৰশ্নৰ আবিৰ্ভাব হ'বলৈ ধৰিলে । এনেকৈ এদিন সন্ধিয়া ভৰলু পাৰ্কত বহি আছিলোঁ তেতিয়া পাৰ্কত আমাৰ দুয়োটাৰ বাহিৰে কোনো নাছিল। গেটৰ চিকিউৰিটি জন আছিল । তেওঁ যাতে আমাৰ কথাবোৰ শুনা নাপাই এনেকুৱা ঠাই এটুকুৰাত দুয়ো বহি ল'লো । অলপ সময় নিৰৱে থাকি তাইক মই সুধিলো -আজি আমাৰ কথা পাতিব ৬ মাহ পাৰ হ'ল কিন্তু প্ৰিয়া তুমি আজিলৈকে মোক তোমাৰ জীৱনৰ একো কথাই নকলা কিয় ? 
তাই একো মতা নাই । কেৱল ব্ৰহ্মপুত্ৰৰ ফালে চাই আছিল আৰু দুচকুৰে চকুপানী বৈ আছিল । মই তাইক মোৰ ফালে ঘুৰাই দিলোঁ আৰু চকুপানীখিনি মচি দি ক'লো --- 
প্ৰিয়া মই কিবা ভূল কৰিছো নেকি ? যদি ভুল কৰিছোঁ তোমাৰ ওচৰত ক্ষমা বিচাৰিছোঁ ।
--নাই আপুনি একো ভূল কৰা নাই । 
--- তেতিয়া হ'লে কিয় নোকোৱা তোমাৰ জীৱনৰ কথাবোৰ ? 
--আপুনি শুনিব জানো ? --শুনিম আকৌ কিয় নুশুনিম ।
--তেতিয়াহ'লে শুনক।মোৰ ঘৰত মা দেউতা আৰু মই আছিলোঁ । মই চাৰি বছৰ মান থাকোতে মাৰ এটা জটিল ৰোগত আক্ৰান্ত হৈ মৃত্যুক সাবতি লৈছিল তাৰপিছত দেউতাই দ্বিতীয় বিবাহ কৰাইছিল । প্ৰথমতে নতুন মা জনীয়ে মোক বহুত মৰম কৰিছিল । সময় বাগৰাৰ লগে লগে তেওঁৰ মনৰো পৰিবৰ্তন হৈ আহিছিল । তেওঁ মোক বেয়া ব্যৱহাৰ কৰিব ধৰিছিল আনকি মোক শাৰীৰিক অত্যাচাৰো কৰিব ধৰিছিল । তেতিয়া মোৰ বয়স ওঠৰ বছৰ আৰু এদিন তেওঁ মোক বিষ খুৱাই হত্যা কৰিছিল মই যেতিয়া বিষ পান কৰি চটফটাই আছিলোঁ তেতিয়া তেওঁ মোক বেগত ভৰাই এই ব্ৰহ্মপুত্ৰ নদীত পেলাই দিছিল।মই উশাহ নিশা নাপাই মই মৃত্যু হৈছিলোঁ । 
তাই কথাখিনি শুনি মোৰ একেবাৰে গাটো কপিব ধৰিলে । মই এতিয়া কি কম একো ভাবি পোৱা নাই । মোৰ বহুত ভয় লাগিছিল। মই তাইক সুধিলোঁ ---
তুমি আগতে কিয় কোৱা নাছিলা প্ৰিয়া ।
-- যদি আগতে ক'লোহেতেন তুমি মোৰ জীৱনৰ কাহিনী কেনেকৈ গ'ম পালা হেতেন ।
এনেকৈ মই কথা পাতি থাকোতে গেটৰ চিকিউৰিটি জনে আহি মাত দিলে।
মই ইফালে-সিফাৰে চকু ফুৰাই চালোঁ কিন্তু প্ৰিয়াক কতো বিচাৰি নাপালোঁ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)