তোমাৰ সজাৰ পৰা মুক্ত হৈ
বিহংগিনীৰ দৰে উৰিবলৈ।
নোঁৱাৰা হৈছো সহিব
তোমাৰ মৰমৰ অত্যাচাৰ।
সৰ্ব শৰীৰত যে বিয়পিছে
এক অনামী পীড়ন!
পংগু কৰি নিছে
মোৰ মন মগজুক;
অপ্ৰপ্তিৰ তাড়ানাত।
কম্পিত মোৰ ভগ্ন দেহা!
নিন্দাহীন ৰাতিবোৰত
সুপ্ত হৈ থকা দুখবোৰে,
অশ্ৰুৰ জোৱাৰ তোলে!
আৰু নিমিষতে ম্লান পৰি যায় ,
মোৰ মাতৃ হৃদয়!
সকলো পাহৰি কল্পনাতে উমলি
ওঁঠত হাঁহি বুলাই ,
যাঁও আগুৱাই।
মই যে বন্দী তোমাৰ
মিছা মোহ মায়াত।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ