আজিও আনদিনাৰ দৰেই সন্ধিয়া জোনাকত ৰাজদীপে আৰাম চকীখন চোতাললৈ নি উৰ্মিলাৰ লগত বহি চাহ খাই আছে । চোতালত ফুলি থকা শেৱালি ফুলৰ সুবাস আৰু কাষৰ নতুন প্ৰতিবেশী ভূগেন দত্ত ঘৰৰ পৰা ভায়'লিনৰ তানপুৰা ৰাগত প্ৰেম আৰু বিৰহৰ কৰুণ সুৰ এটি ভাঁহি আহে । গীতৰ সুৰটোৱে লাহে লাহে তেওঁ অন্তৰ চুই যায় আৰু চকু দুটা মুদি সুৰৰ ৰাগত একাত্ম হৈ পৰে । ক্ৰমান্বয়ে অস্পষ্ট এখনি মুখে স্মৃতিত দোলাদি গৈছে । বহু বছৰৰ আগতে নবাগত আদৰণি সভাত এগৰাকী সহজ সৰল ধুনীয়া নন্দিনী ৰাজখোৱা নামৰ হায়াৰ চেকেণ্ডেৰী প্ৰথম বৰ্ষৰ নবাগতা ছাত্ৰীয়ে সুন্দৰ ভায়'লিন বজাই গীত পৰিবেশন কৰি সকলোৰে মন আৰু দৃষ্টি আকৰ্ষণ কৰিছিল । বিজ্ঞান শাখাৰ চুড়ান্ত বৰ্ষৰ ৰাজদীপেও ভায়'লিন বজাই সকলোকে আনন্দ দিছিল । নবাগত আদৰণি সভাতেই দুয়ো চিনাকি হৈছিল । দুয়োৰে শাখা বেলেগ আনহাতে জেষ্ঠ্যতাৰ ফালৰ পৰাও দূৰত্ব আছিল । কলেজৰ বছেৰেকীয়া খেল ধেমালি আৰু সাংস্কৃতিক অনুষ্ঠানত ৰাজদীপ আৰু নন্দিনীয়ে যুটীয়াভাৱে ভায়'লিন বজাই গীতৰ মাজেৰে অব্যক্ত সুৰৰ বাটেৰে একাত্ম হৈ পৰিছিল । ৰাজদীপ পৰীক্ষাৰ বাবে পঢ়াত ব্যস্ত হৈ পৰে । কেতিয়াবা নন্দিনীক দেখা পোৱাৰ ইচ্ছাৰে কলেজত চকু ফুৰাই যদিও নন্দিনী পঢ়া শ্ৰেণীত ব্যস্ত থকাৰ বাবে দেখা নাপায় । ৰাজদীপে স্নাতক চূড়ান্ত পৰীক্ষাত প্ৰথম বিভাগত উৰ্ত্তীণ হয় আৰু নিজৰ প্ৰচেষ্টাৰেই পৰ্যটন বিভাগৰ উচ্চ পদস্থ বিষয়া হিচাপে চাকৰি কৰে ।
উৰ্মিলাৰ মাতত ৰাজদীপে চকু মেলি দেখে হাতত ভায়'লিনখন লৈ উৰ্মিলাই তেওঁৰ হাতত তুলি কয় - 'আপুনি' বহুদিন ভায়'লিন বজোৱা নাই আজি 'মোৰো' শুনিবলৈ মন গৈছে । ৰাজদীপে লাহে লাহে ভায়'লিনত হাত বোলায় । সন্ধিয়াটো যেন জোনৰ পোহৰত অধিক উজ্জ্বল হৈ উঠিছে । উৰ্মিলাই আপোনমনে শুনে আৰু অলপ সময়ৰ পিছতে ভাত ৰান্ধিবৰ বাবে উঠি যায় । ভাত খাই ৰাজদীপ বিচনাত পৰিল যদিও টোপনি নাহিল ,বাৰে বাৰে সেই গীতৰ সুৰ কাণত ভাঁহি থাকিল ।
ৰাজদীপে ৰাতিপুৱা সোনকালে উঠি ৪-৩০ বজাত খোজ কাঢ়িবলৈ ওলাই যায় । উভতি আহোঁতে ভূগেন দত্তক দেখা পাই মাতষাৰ দিয়ে । দুই এটা কথা নিজেই আগবঢ়াই জানিবলৈ ইচ্ছা কৰি সুধিলে - কালি সন্ধিয়া সুন্দৰ ভায়'লিন বজাই গীত গোৱা গৰাকী আলহী নেকি ? তেতিয়া দত্তই ক'লে - তেওঁলোকৰ জেঠায়েকৰ জীয়েক নন্দিনী ৰাজখোৱা আহিছিল । তেওঁ বৰ্তমান দিল্লীৰ এখন বিশ্ববিদ্যালয়ত প্ৰবক্তা কৰে । তেওঁ অবিবাহিতা হয় ,আইনগত ভাবে কনমানি ছোৱালী এজনী একক মাতৃৰূপে গ্ৰহণ কৰিছে । ৰাতিটো থকাৰ কথাই আছিল কিন্তু সন্ধিয়া ভায়'লিন বজাই গীত গোৱাৰ পিছতে বাহিৰলৈ আহে আৰু কিছু সময়ৰ পিছতে জনালে যে সোনকালে ৰাতিৰ ভাতসাঁজ খাই নগৰত থকা মোমায়েকৰ ঘৰত ৰাতিটো থাকিব আৰু ৰাতিপুৱা ৮ বজাৰ ফ্লাইটত দিল্লীলৈ ৰাওনা হ'ব ।
ঘৰলৈ আহি ৰাজদীপে ড্ৰইং ৰোমত থকা ভায়'লিনখন হাত ফুৰায় আৰু হুমুনিয়াহ এটা ওলাই যায় । উৰ্মিলাই আহি চাহ কাপ দি কয় - আজি ১৫ বছৰে 'আপোনাৰ' লগত থাকি প্ৰতিটো অনুভৱ বুজি পোৱা হৈছে । উৰ্মিলাই বিয়াৰ পিছত মাকৰ পৰা জানিছিল যে এটা সময়ত ৰাজদীপে ভায়'লিন বজাই বহুত ভাল পাইছিল আৰু সকলোকে আনন্দ দিছিল। কালি সন্ধিয়া সময়ত ভায়'লিনৰ ৰাগ আৰু গীত শুনাৰ পিছত তেওঁ হৃদয়ৰপৰা প্ৰাণ খুলি বজাইছিল , সেই অনুভৱ উৰ্মিলাৰ বহুত ভাল লাগিল । সেয়েহে উৰ্মিলাই মনৰ অনুভৱ প্ৰকাশ কৰি কয় যে - তেওঁ যদি ইচ্ছা কৰে সময় সুবিধা মিলাই ওচৰতে থকা সংগীত বিদ্যালয়ত গৈ ল'ৰা ছোৱালী কেইটাক শিকাব পাৰে আৰু নিজৰ মনটোও ভাল লাগিব । ভৱিষ্যতে সিহঁতেই সকলোকে আনন্দ দিব । ৰাজদীপে মনতে ভাবিলে উৰ্মিলাই ঠিকেই ভাবি কৈছে - উৰ্মিলা তেওঁৰ বৰ্তমান আৰু ল'ৰা ছোৱালী ভৱিষ্যত সম্পদ ।
ৰাজদীপে উৰ্মিলাৰ কথা জানে - নিজেই সংগীত চৰ্চা নকৰে যদিও মন দি শুনে আৰু সকলোকে সন্মান জনায় । মাক দেউতাকৰ পছন্দৰ মতেই বিয়া পাতি উৰ্মিলাক পত্নী হিচাপে গ্ৰহণ কৰে । দুটা সন্তানৰ সৈতে এখন সুখৰ সংসাৰ । উৰ্মিলাৰ দৰে জীৱন সঙ্গী পায় ৰাজদীপ সকলো দিশতেই সুখী কিন্তু কালি সন্ধিয়া ভায়'লিৰ ৰাগত গীতৰ সুৰ শুনাৰ পিছত মনটো উৰুঙা উৰুঙা লাগে । ৰাতিপুৱা দত্তৰ পৰা নন্দিনীৰ বিষয়ে জানিব পাৰি মনলৈ বহুতো প্ৰশ্ন আহিছিল । সেই নন্দিনী হয় নে ? আৰু বহুতো.....?
আবেলি ৰাজদীপে বহু কথা ভাবি চিন্তি মুকলি মনেৰে ভায়'লিনখন সংগীত বিদ্যালয়ত উপহাৰ দিবলৈ ওলাই যায়।

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ