পিতৃ-মাতৃ আৰু সমাজ সেৱা •ৰাজুমনি গগৈ

 protibha phukon
0
আজি যে আমি এই সুন্দৰ পৃথিবী খনত হাঁহি- কান্দোন ,সুখ-দুখৰে জীৱন জীয়াই আছোঁ সেয়া সম্ভৱ হৈছে আমাৰ পিতৃ-মাতৃৰ ত্যাগ মৰম আৰু ভাল পোৱা বোৰৰ বাবে ৷আমাক যেনেকৈ জন্ম দি লালন-পালন কৰিলে,তেওঁলোকৰ কষ্টৰ ফলত আজি আমি সমাজত মানুহ ৰূপে পৰিচয় দিব পাৰিছোঁ ৷ পিতৃ-মাতৃয়ে যেনেকৈ আমাক উপযুক্ত কৰিলে আমি কেতিয়াও তেওঁলোকক বোজা বুলি ভাবিব নালাগে ৷বৃদ্ধ অৱস্থাত যিমান পাৰি সুখী কৰি ৰাখিবলৈ যত্নবান হব লাগে ৷ তেওঁলোকৰ খোৱা-বোৱা পিন্ধা-উৰা সকলোতে মনযোগ দিব লাগে ,যদিও কিবা অসুবিধাৰ বাবে তেওঁলোকৰ কাষত থাকিব নোৱাৰে তেওঁলোকক উপযুক্ত ব্যৱস্থা কৰি ৰাখিবলৈ যত্নবান হব লাগে ৷ আজি মোৰ সত্নানক যেনেকৈ ডাঙৰ কৰিছোঁ তেওঁলোকেও এদিন আমাক কষ্টৰে ডাঙৰ কৰিছে ৷সেইবোৰ আমি পাহৰি যোৱা উচিত নহয় ৷লগতে সমাজ সেৱা কৰিবলৈ সদায় আগবাঢ়ি আহিব লাগে ৷নিজে সুখী থাকি আনক কেতিয়াও অৱহেলা কৰিব নালাগে৷মানুহৰ বিপদত আগবাঢ়ি আহি তেওঁলোকৰ সহায়ক হব লাগে ৷
এনেকুৱা নহয় যে কিবা এটা সংগঠন খুলিহে সমাজৰ কাম কৰিব পাৰিব সেয়া নহয় ৷অকলশৰীয়া ভাবেও সমাজৰ কাম কৰিব পাৰি তাৰ বাবে আন্তৰিকতা লাগিব ।সমাজত সহায় আগবঢ়াই আগবাঢ়ি যাব পাৰি ৷ মোৰ বহুত আছে মই খাই বৈ জীয়াই থাকিব পাৰিলে হ’ল বুলি নাভাবি নিজৰ উপাৰ্জনৰ ১% হলেও দান কৰিলে পূণ্য পোৱাৰ লগতে এচাম মানুহ বহুত উপকৃত হব ৷ বেলেগক উপদেশ দিয়াৰ আগতে নিজে আৰ্হি হৈ ঠিয় দিলে আপোনাৰ লগতে আৰু ১০ জন আগবাঢ়ি আহিব ৷
হলা গছত বাগি কুঠাৰ নামাৰি কেনেকৈ গছজোপা পোন কৰিব পাৰি তাৰ বাবে যত্ন কৰিব লাগে ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)