নগাঁৱৰ কোলাহল এৰি যেতিয়া প্ৰথমবাৰৰ বাবে মাজুলীত ভৰি থ’লোঁ, মনে ক'লে—এইটো যেন সময়ে থমকি থকা এখন পৃথিৱী। লুইতৰ বুকুত ভাঁহি থকা এই দ্বীপখনে মোক নগাঁওৰ চেনেহী স্মৃতিৰ সৈতে এক অদ্ভুত সূতাৰে বান্ধি পেলালে।
নগাঁৱত ডাঙৰ হোৱা মই নদীক সদায় দূৰৰ পৰা চাই আহিছোঁ। কিন্তু মাজুলীত নদী জীৱন হৈ উঠে। পুৱা সত্ৰৰ ঘণ্টাধ্বনি, নামঘৰৰ কীৰ্তন, গছৰ পাতৰ মৃদু সুৰ —এইবোৰে মোক মোৰ নিজৰ ভিতৰলৈ টানি নিলে। যেন নগাঁৱৰ ব্যস্ত ৰাস্তাৰ মাজতে হেৰাই যোৱা মই, ইয়াত আহি আকৌ নিজকে বিচাৰি পালোঁ।
এজন মানুহে মোক ক’লে—“মাজুলী কেৱল মাটি নহয় , ই মানৱতাৰ পাঠশালা।” তেওঁৰ চকুত মই দেখিলোঁ লুইতৰ দৰে গভীৰ ধৈৰ্য। সেই মুহূৰ্ততে বুজিলোঁ—মাজুলীয়ে মানুহক কেৱল আশ্ৰয় নিদিয়ে, মানুহ গঢ়েও।
সন্ধিয়া সূৰ্যাস্তৰ ৰঙা পোহৰে লুইতক চুই দিওঁতে মই নগাঁওৰ কথা ভাবিলোঁ—মোৰ জন্মস্থান, মোৰ শিপা। তেতিয়া অনুভৱ কৰিলোঁ, মাজুলী আৰু নগাঁও দুয়োটা মোৰ হৃদয়ৰ দুটা কাষ। এটা শিপা, আনটো আত্মা।
মাজুলীৰ পৰা উভতি আহোঁতে মোৰ হাতত কেৱল কিছুমান ফটো নাছিল, আছিল এটা গভীৰ অনুভৱ—যি মোক সদায় কৈ যাব,
“মানুহ য’তেই থাকক, শিপা আৰু সংস্কৃতি বাচি থাকিলে জীৱনো বাচি থাকে।”
মাজুলীৰ পুৱাই আহে ধীৰে ধীৰে,
ব্ৰহ্মপুত্ৰৰ বুকুত সোণালী হাঁহি,
নামঘৰৰ ঘণ্টা, শঙ্খৰ ধ্বনি,
ভক্তিৰে জাগে সত্ৰ, জাগে মাটি।
কুঁৱলী চাদৰে ঢাকি থোৱা সপোন,
পক্ষীৰ মাতত ফুটি উঠে দিন,
তুলসীৰ পাতত আশীৰ্বাদ
মাজুলীৰ পুৱা—শান্তিৰ চিন।
নগাঁওৰ পুৱা চঞ্চল, জীৱনৰ সুৰ,
কলঙৰ পাৰত ৰঙীন কোলাহল,
বজাৰৰ মাত, চাহৰ গোন্ধ,
মানুহৰ হাঁহি—আশাৰে উজ্বল।
ছাত্ৰৰ খোজ, কৰ্মীৰ সপোন,
পুৱাৰ ৰ’দে আঁকে নতুন পথ,
নগাঁওৰ পুৱা—সংগ্ৰাম আৰু সাহস,
আগবাঢ়ি যোৱাৰ জীৱন্ত অৰ্থ।
এফালে মাজুলী—ধ্যান, ভক্তি, নীৰৱতা,
আনফালে নগাঁও—চলন্ত জীৱনধাৰা,
দুয়ো পুৱা মিলি কয় একে কথা—
অসমৰ প্ৰাণ, অসমৰ আশা।
মাজুলীৰ সত্ৰ—
কেৱল ধৰ্মীয় আশ্ৰয় নহয়,
ই সংস্কৃতিৰ বিশ্ববিদ্যালয়,
অসমীয়াৰ আত্মাৰ পৰিচয়।
উভতি যোৱাৰ পথত তাই জানিছিল— এই ভ্ৰমণ শেষ নহয়, মাজুলী এতিয়া অংকিতাৰ মনতেই বাস কৰিব।
ৰাসৰ সময়তে নৱেম্বৰ ৭তাৰিখৰ পৰা ১১তাৰিখলৈকে আমাৰ মাজুলীৰ ভ্ৰমণ। মই আৰু অজন্তা পেহী (পেহাই পেহীক আগবঢ়াই গ'ল)ৰাতিপুৱা ৯বজাতে নেটৱৰ্ক বাছখনত নগাঁও বাইপাছ পৰা উঠিলো আমি দুয়ো। কি যে ফুৰ্টি আমাৰ, পেহী কলেজত পঢ়ি থকা সময়তে গৈছিল।এতিয়া মোৰ অনুৰোধত মোৰ সৈতে যাব কাৰণে ওলাল। নগাঁও হৈ তেজপুৰ হৈ লক্ষীমপুৰ হৈ মাজুলীৰ দিশে আমাৰ বাছ ।বাটত গহপুৰত চাহ একাপ খাই আমি সত্রৰ দৰ্শন নানা কথা হৈ এটা ধনাত্মক চিন্তাৰে গধূলি ৬:৩০বজাত দক্ষিণপাট সত্ৰৰ অতিথিশালাত উপস্থিত হলো গৈ তাত আমাৰ বাবে থকাৰ ব্যৱস্হা কৰি থোৱা আছে। ইমান ভাল লাগিল অতিথিশালাত থাকি,এক শান্তিপূৰ্ণ স্হান আমাক সকলো সুৱিধা দিয়াৰ বাবে মৃত্যুঞ্জয় দেৱ গোস্বামী, কৃষ্ণ দা, সৰু শিষ্য উৎপল (মোক আৰু পেহীক সত্ৰৰ বহুত কথা কলে সকলোৱে)ধন্যবাদ দিব লাগিব। সত্রত থকা বহা বোৰ পৰিদৰ্শন কৰিলোঁ বহুত আটক ধুনীয়া কৰি নিৰ্মাণ কৰিলল বহুত ভাল লাগিব।লগতে ৮ নৱেম্বৰ তাৰিখে বদন দাই আমাক চামগুৰি সত্ৰ, আউনীআটী সত্ৰ, গড়মূৰ সত্ৰ, উত্তৰ কমলাবাৰী সত্ৰ আদি দৰ্শন কৰালে সত্ৰাধিকাৰ সকল লগত চিনাকী কৰাই একপি ফটো সংগ্ৰহ কৰিলে। সন্ধিয়া আকৌ কমাৰ গাঁৱত ৰাস দেখাবলৈ লৈ গল। সত্ৰ দৰ্শন কৰি ইমান ভাল লাগিল, দক্ষিণপাট সত্ৰৰ সত্ৰাধিকাৰ প্ৰৰ্ভুৱে মোক কিতাপৰ টোপোলা আগবঢ়ালে, খুব কম সময় পালো ।আচলতে আধ্যাত্মিকতাৰ কথা পাতি খুব ভাল পাও, সৰুতে ককা আইতাৰ মুখত এইবোৰ কথা শুনিয়ে ডাঙৰ হৈছো ।সেইকাৰণেই আধ্যাত্মিক ক্ষেত্ৰত জ্ঞান লাভ কৰিব কাৰণে সদায়ে প্ৰস্তুত। তেওঁ দিয়া "দক্ষিণপাট সত্ৰ" আৰু "অৱতাৰ আৰু অৱতাৰ বাদ" কথা পঢ়ি আছো ,বহুত কথাই জানিছো। ভৱিষ্যতেও তেওঁৰ পৰা বহুত জানিব কাৰণে আগ্ৰহী। যাদৱ ৰায়,বৃন্দাবন চন্দ্ৰৰ দৰ্শন হ'ল খুব শান্তি লাভ কৰিলো। ৰাসোৎসৱ, দৌল উৎসৱ খুব ডাঙৰ কৈ উদযাপন কৰা হয়। দৈনন্দিন পূজা হয়, ভাগৱত পাঠ হয় ।মুঠতে দক্ষিণপাট সত্ৰত থাকি এক নতুন দিগন্তৰ দিশে মোৰ মন প্ৰাণ মোহিত হল।দক্ষিণপাট সত্ৰৰ নতুন ভৰাল ঘৰ তথা মিউজিয়াম টো বনাই আছে বহুত ধুনীয়াকৈ। যেতিয়া শুভ আৰম্ভণি কৰিব যাম বুলি ভাৱিছো।ৰাতিপুৱাই ভৰাল ঘৰ দৰ্শন হ'ল খুব ভাল লাগিল।এতিয়া খুব সুন্দৰকৈ মিউজিয়াম এটা নিৰ্মাণ হৈ আছে, সোনকালেই শুভাৰম্ভ হ'ব।যদি পাৰো শুভাৰম্ভত উপস্থিত থাকিব বিচাৰিম।
উত্তৰ কমলাবাৰী সত্ৰত যোৱাত সত্ৰাধিকাৰ প্ৰৰ্ভু আমাৰ নগাঁও ননৈৰ মই নগাঁৱৰ বুলি পৰিচয় দিয়াত খুব ভাল পালে,জলপান গ্ৰহণ কৰিব দিলে।চামগুৰি সত্ৰৰ সত্ৰাধিকাৰ প্ৰৰ্ভুয়ে সুন্দৰ কৈ মুখা শিল্পৰ কথা কলে ,দেখুৱালে। মই কলো ময়ো শিকিব আহিম।অসমীয়াৰ স্বাভিমান আমাৰ গামোচা আগবঢ়ালো, সত্ৰাধিকাৰ প্ৰৰ্ভু ঈশ্বৰ সকলকো এখন এখন আগবঢ়াইছো। পৰম সৌভাগ্য লাভ কৰিলো। আউনীআটীৰ প্ৰৰ্ভু ঈশ্বৰকহে লগ পোৱাৰ সৌভাগ্য নহলগৈ তথাপিও তেওঁৰ কাৰণেও গামোচা আগবঢ়াই আহিছিলো।লগতে শিৱসাগৰৰ গজলা সত্ৰৰ বিপ্লৱ মহন্ত দাকো লগ পালো ।১০তাৰিখে দক্ষিণপাট সত্ৰৰ গৃহস্থী সত্ৰৰ সত্ৰাধিকাৰ জনাৰ্দ্দন দেৱ গোস্বামী প্ৰৰ্ভু গৃহত দুপৰীয়া আহাৰৰ বাবে নিমন্ত্ৰণ পাই আমাৰ মন প্ৰসন্ন হৈ পৰিল। দুপৰীয়াৰ আহাৰ ইমান ভালকৈ বনাইছে আয়ে খুব ভাল লাগিল। সন্ধিয়া বেদ বিদ্যালয় খনৰ সকলো শিষ্য মিলি ইমান ধুনীয়া কৈ আৰতি কৰিলে। কবলৈ গলে অসমৰ প্ৰতিটো জেগাতে এনেদৰে শিকাব লাগে।লৰা কেইজনৰ লগত কথা পাতিলো বেদ,উপনিষদ, মন্ত্র বোৰ ইমান ভালকৈ জানে।সন্ধিয়াৰ আৰতি ভিডিঅ কৰি আনিছো নগাঁৱত শুনাইছো সকলোকে। সেই বিদ্যালয় খন যদি আৰু সহায় সহযোগিতা লাভ কৰে বহুত খিনি উপকৃত হব।নিজে তাত থাকি অনুভৱ কৰিছো বহুত সুৱিধা লাভ কৰিলে বহুত আগুৱাই যাব পাৰিব। সত্ৰাধিকাৰ প্ৰৰ্ভুৱে ইমান ভালকৈ আচাৰ ব্যৱহাৰ শিকাই বেদ উপনিষদৰ জ্ঞান দিছে, বহুত কথা জানিব পাৰিলো।আয়ে দিয়া কাপোৰ যোৰ খুব মৰমৰ, পিন্ধি চাইছো ইমান যে ভাল লাগিছে।মাজুলীৰ লগত এক সুমধুৰ সমন্ধ হৈ গল।
বিশ্ববিখ্যাত নদী-দ্বীপ মাজুলী কেৱল এখন ভূ-খণ্ড নহয়,
ই অসমৰ সংস্কৃতি, সভ্যতা আৰু আত্মাৰ চিনাকি।
কিন্তু ব্ৰহ্মপুত্ৰৰ অবিৰত খহনীয়া, প্ৰাকৃতিক বিপৰ্যয়,
আৰু পৰিকল্পনাহীন উন্নয়নৰ ফলত
মাজুলী আজি অস্তিত্বৰ সংকটত।
সেয়েহে অসম চৰকাৰ আৰু কেন্দ্ৰ চৰকাৰলৈ আমাৰ দৃঢ় আহবান—
মাজুলীৰ স্থায়ী খহনীয়া ৰোধৰ বাবে বিজ্ঞানসম্মত আঁচনি গ্ৰহণ কৰক।নতুন কৈ দলঙ নিমাৰ্ণ হৈ আছে দেখি আহিছো।
নদী নিয়ন্ত্ৰণ, শক্তিশালী মথাউৰি নিৰ্মাণ,
আধুনিক প্ৰযুক্তিৰ ব্যৱহাৰ নিশ্চিত কৰক।
সত্ৰ-সংস্কৃতি, ঐতিহ্য জীৱনধাৰা
আৰু স্থানীয় জনগোষ্ঠীৰ জীৱিকা সুৰক্ষিত কৰা।
মাজুলীক বচাব মানে অসমৰ আত্মাক বচোৱা। মাজুলীৰ পৰা উভতি আহোঁতে
মনটো ৰৈ গ’ল সেই সেউজীয়া পথাৰত,
নামঘৰৰ ঘণ্টাধ্বনিত,
আৰু নদীৰ নীৰৱ কথাবোৰত।
এই ভ্ৰমণে শিকালে—
মাজুলী দেখা মানে
অসমক হৃদয়েৰে চিনি পোৱা।১১নৱেম্বৰত মাজুলীৰ অফলামুখৰ পৰা নিমাতীঘাট হৈ যোৰহাট পৰা নগাঁও লৈ আহিলো। বিশ্বৰ বৃহত্তম নদী-দ্বীপ মাজুলী কেৱল অসমৰ গৌৰৱ নহয়,
ই ভাৰতীয় সভ্যতা, বৈষ্ণৱ সংস্কৃতি আৰু মানৱীয় সহাৱস্থাৰ এক অনন্য নিদৰ্শন।
প্ৰাকৃতিক সৌন্দৰ্য, সত্ৰীয়া সংস্কৃতি, জনজাতীয় জীৱনধাৰা
আৰু আধ্যাত্মিক মূল্যবোধেৰে সমৃদ্ধ মাজুলীক
বিশ্ব দৰবাৰত প্ৰতিষ্ঠিত কৰাটো সময়ৰ দাবী। প্ৰথমে মাজুলীৰ সংস্কৃতি আৰু ঐতিহ্যক
আন্তৰ্জাতিক পৰ্যায়ত চিনাকি কৰাব লাগিব।
সত্ৰসমূহ, সত্ৰীয়া নৃত্য-সংগীত,
হস্তশিল্প , মুখা শিল্প আৰু লোকজীৱনক
ইউনেস্কোৰ দৰে বিশ্ব সংস্থাৰ মঞ্চত উপস্থাপন কৰিব লাগিব।
ইতিমধ্যে আৰম্ভ হোৱা প্ৰচেষ্টা অধিক শক্তিশালী কৰাৰ প্ৰয়োজন।
দ্বিতীয়তে, পৰ্যটন ব্যৱস্থাক বিশ্বমানৰ কৰি তুলিব লাগিব।
পৰিবেশ-বান্ধৱ পৰ্যটন, উন্নত যাতায়াত ব্যৱস্থা,
থকা-খোৱাৰ সুব্যৱস্থা
আৰু ডিজিটেল প্ৰচাৰৰ জৰিয়তে
মাজুলীক বিশ্ব পৰ্যটকৰ মানচিত্ৰত স্থান দিব পাৰি।
কিন্তু এই উন্নয়ন হ’ব লাগিব সংস্কৃতি আৰু প্ৰকৃতি সংৰক্ষণৰ সৈতে সংগতি ৰাখি।তৃতীয়তে, মাজুলীৰ অস্তিত্ব ৰক্ষা অতি জৰুৰী।
খহনীয়া ৰোধ, নদী নিয়ন্ত্ৰণ,
আৰু বিজ্ঞানসম্মত পৰিকল্পনা অবিহনে
মাজুলীক বিশ্ব দৰবাৰত প্ৰতিষ্ঠিত কৰাৰ সপোন
অসম্পূৰ্ণ হৈ থাকিব।
সেয়েহে চৰকাৰ, বিশেষজ্ঞ আৰু স্থানীয় ৰাইজৰ
সমূহীয়া প্ৰচেষ্টা অত্যাৱশ্যক।
মাজুলী বাঁচিলে অসম বাঁচিব,
আৰু অসম বাঁচিলে ভাৰতৰ সাংস্কৃতিক আত্মা অধিক উজ্জ্বল হ’ব।

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ