ত্যাগ কৰিলে,
শিমলু ডালেও
কলি মেলিলে ,
গুমৰাগৰ তালে তালে
পছোৱা বতাহৰো
আগমন ঘটিলে ,
লৃগাঙৰ বতৰা লৈ।
গাঁওসমূহত এতিয়া
উখল-মখল পৰিবেশ
লৃগাঙৰ আগমনত।
গছৰ হালধীয়া পাতবোৰ সৰি পৰাৰ লগে লগে ফাগুনৰো আগমন। বলিয়া ফাগুনে লৈ আনে লৃগাঙৰ বতৰা।
অসমৰ এক অন্যতম জনগোষ্ঠী মিচিংসকলৰ জাতীয় উৎসৱ আলি: আয়ে: লৃগাং। মিচিং ভাষাৰ আলি: আয়ে: লৃগাঙৰ এক তাৎপৰ্য পূৰ্ণ অৰ্থ আছে । মিচিং ভাষাৰ আলি: মানে হ'ল শষ্য বা বীজ, আয়ে: মানে হ'ল ফল ধৰা/ গুটি আৰু লৃগাং মানে হ'ল ৰোপন কৰা। অৰ্থাৎ এই উৎসৱ কৃষি কাৰ্যৰ আৰম্ভণিৰ প্ৰতীক।
আলি: আয়ে: লৃগাং ফাগুন মাহৰ প্ৰথমটো বুধবাৰে পালন কৰা হয় । এই উৎসৱ পালন কৰাৰ মূল উদ্দেশ্য হ'ল মাটিৰ গুণাগুণ আৰু উৰ্বৰতা বৃদ্ধি কৰিবলৈ সূৰ্য দেৱতাক কৰা উপাসনা। অৰ্থাৎ এই উৎসৱতে খেতিয়কসকলে পথাৰত প্ৰথম বীজ ৰোপন কৰি ভগৱান আৰু প্ৰকৃতিৰ আশীৰ্বাদ কামনা কৰে । আলি: আয়ে: লৃগাং কেৱল এক উৎসৱেই নহয় । ই এক কৃষি কাৰ্যৰ লগত জৰিত এক উৎসৱ।
আলি: আয়ে: লৃগাঙৰ দিনত মিচিং সমাজৰ গাঁওসমূহত এক উখল - মাখল পৰিৱেশৰ সৃষ্টি হয়।এই উৎসৱৰ দিনা পৰম্পৰাগত সাজ - পোছাক যেনে পুৰুষসকলে মিবো গালোক, গণ্ৰ উগণ, এৰকক আৰু মহিলাসকলে মচাং এগে: গাচৰ, ৰি:বি গাচৰ ইত্যাদি পৰিধান কৰে । তদুপৰি আনন্দ - উল্লাহেৰে গুমৰাগ নৃত্য, ঐনিতম, লোকগীত ইত্যাদি আৰু পৰম্পৰাগত বাদ্য - যন্ত্ৰৰ মাধ্যমৰে পৰিৱেশ আনন্দময় কৰি তোলে । এই নৃত্য - গীতসমূহে মিচিং জনগোষ্টিৰ ঐতিহ্য, ইতিহাস আৰু জীৱনশৈলী প্ৰকাশ কৰে ।
এই উৎসৱৰ খাদ্যসংস্কৃতিওঁ বিশেষ গুৰুত্বপূৰ্ণ । এই দিনটোত আপঙ্ (এবিধ চাউলেৰে বনুৱা পৰম্পৰাগত সুৰা ), পুৰাং আপিন ( বৰা চাউলেৰে তৰা পাতত দি বনুৱা ভাত), মাছ - মাংস আদি পৰম্পৰাগত খাদ্য প্ৰস্তুত কৰা হ'য় । আত্মীয় - স্বজন আৰু গাঁৱৰ সকলো ল'ৰা - ছোৱালীৰ পৰা বুঢ়া - বুঢ়ীলৈকে একেলগে মিলি এই খাদ্য উপভোগ কৰে, যাৰ ফলত সামাজিক সম্প্ৰীতি আৰু ভাতৃত্ববোধ বৃদ্ধি পায়।
আলি: আয়ে: লৃগাং কেৱল এক উৎসৱেই নহয়, ই মিচিং জনগোষ্ঠীৰ সাংস্কৃতিক পৰিচয়ৰ এক শক্তিশালী প্ৰতীক। আধুনিকতাৰ প্ৰভাৱৰ মাজতো এই পৰম্পৰা আৰু সংস্কৃতি সংৰক্ষণৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভুমিকা পালন কৰিছে। নতুন প্ৰজন্মক নিজৰ শিকৰ আৰু সংস্কৃতিৰ প্ৰতি সচেতন কৰাৰ ক্ষেত্ৰতো এই উৎসৱৰ ভুমিকা অপৰিসীম ।
মুঠতে আলি: আয়ে: লৃগাং হৈছে প্ৰকৃতি, কৃষি আৰু মানৱ জীৱনৰ মাজৰ এক সুন্দৰ উদযাপন। এই উৎসৱে অসমৰ বৈচিত্ৰময় সংস্কৃতিৰ এক অনন্য স্থান দখল কৰি আহিছে আৰু মিচিং জনগোষ্ঠীৰ গৌৰৱময় ঐতিহ্যক চিৰজীৱন্ত কৰি ৰাখিছে।

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ